মহানগৰীত বীৰাঙ্গনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপন : মহীয়সীগৰাকীৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী সোণোৱাল,মন্ত্ৰী অতুল বৰাই কৰিলে স্মৰণ

IMG 20200420 WA0000

আজি সাত ব’হাগ | ১৫২৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী অৰ্থাৎ বীৰাঙ্গনা সতী সাধনীয়ে দেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিছিল | দেশপ্ৰেম, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে।

প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কে’জন অসমীয়া বীৰাঙ্গনা নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম বীৰাঙ্গনা সতী সাধনী।

এই মহান নাৰীগৰাকীৰ স্মৃতি দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে স্মৰণ কৰি কয়, ‘স্বদেশপ্ৰেমৰ যুগজয়ী প্ৰতীক- অসমৰ মহীয়সী বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব।”

ইফালে মন্ত্ৰী অতুল বৰাই বীৰাঙ্গনাগৰাকীক শ্ৰদ্ধা জনাই কয়, ‘স্বদেশপ্ৰেম আৰু অদম্য সাহসৰ প্ৰতীক, বীৰাঙ্গনা সতী সাধনীক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এইগৰাকী মহীয়সীৰ চৰম ত্যাগৰ ইতিহাসে বিশ্বৰ জনমানসত অসমীয়া নাৰীক যুগে যুগে মৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰোৱাই আহিছে। সতী সাধনীৰ আদৰ্শেৰে উদ্বুদ্ধ হ‌ওক অসমৰ নতুন প্ৰজন্ম |’
বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবেই অনুষ্টুপীয়াকৈ স্মৰণ কৰা হৈছে মহান নাৰীগৰাকীৰ |

এই সংক্ৰান্তত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া আৰু সম্পাদক মহেন বৰাই সামাজিক ব্যৱধানৰ মাজেৰে ৰাজ্যৰ ভিন্ন অঞ্চলত থকা সাধনী ভৱনত পতাকা উত্তোলন আৰু এগছি চাকিৰে বীৰাঙ্গনা গৰাকীক স্মৰণ কৰা হয় | ইয়াৰ উপৰি সন্ধিয়া প্ৰতি ঘৰে ঘৰে পদূলিত বন্তি প্ৰজ্বলন জৰিয়তে মহীয়সী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব বুলি কয় |

ইফালে মহানগৰীৰ বৰবাৰী মেগজিনস্থিত মুখ্য কাৰ্যালয় তথা বীৰাঙ্গনা সতী সাধনীৰ ভৱনত পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ আৰু প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্টুপীয়াকৈ এই দিৱস উদযাপন কৰা হয় | এই অনুষ্ঠানত সদৌ চুতীয়া জাতি সন্মিলনৰ মহানগৰ জিলা সমিতিৰ সভাপতি তৰুন চুতীয়াই পতাকা উত্তোলন, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সম্পাদক মনোজ দাসে বন্তি প্ৰজ্বলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়াই বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ কৰে |

সামাজিক ব্যৱধানৰ মাজেৰে অনুষ্ঠিত এই দিৱসত অধিবক্তা কবিন শইকীয়াৰ লগতে স্থানীয় মানস প্ৰতিম চুতীয়া, বাবুল চন্দ্ৰ বৰা, অতুল শইকীয়া, প্ৰণৱ চুতীয়া, বুধিন হাজৰিকাই অংশ লয় |

Exit mobile version