সুখবৰ: কৰ’নাত আক্ৰান্তৰ হৈ আৰোগ্য হৈ উঠিল ৰাজ্যৰ ১৮জন লোক

বিশ্বত্ৰাস কৰ’না ভাইৰাছত আক্ৰান্তৰ হোৱা ৰাজ্যৰ ৰোগীসকলৰ ভিতৰত ইতিমধ্যে ১৮ জনে আৰোগ্য লাভ কৰাৰ কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই |

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰি মন্ত্ৰীজনে কয়, ‘সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হজৰত আলী নামৰ কোভিড ৰোগী গৰাকীয়ে আজি চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷

ৰোগীগৰাকীক দুবাৰকৈ পৰীক্ষা কৰি ফলাফল ঋণাত্মক (Negative) ওলোৱাত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷ ইয়াকে লৈ কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ৰাজ্যক ১৮ গৰাকী হৈছে ৷”

Exit mobile version