মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত ঘোষণা-
- দেশব্যাপী চলি থকা তলাবন্ধৰ এই সময়চোৱাত বহিঃৰাজ্যত বাহিৰত আবদ্ধ হৈ থকা অসমৰ ৮৬ হাজাৰ গৰাকী ব্যক্তিলৈ তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে ২ হাজাৰ টকাকৈ জমা দিয়া হৈছে ৷
- জটিল এই ক্ষণত তেওঁলোকলৈ এইদৰে সহায়ৰ হাত আগবঢ়াবলৈ পাই আনন্দ অনুভৱ কৰিছো ৷
- একেদৰে ৬৪৭ গৰাকী কৰ্কট ৰোগীলৈও আমি ২৫ হাজাৰ টকাকৈ প্ৰেৰণ কৰিছো ৷ আশাকৰোঁ, এই সহায়ে তেওঁলোকক কিছু সকাহ প্ৰদান কৰিবলৈ সক্ষম হ’ব ৷
- আমাৰ 9615471547 হেল্পলাইন নম্বৰ যোগে লাভ কৰি থকা ফোন কল সমূহৰ পৰীক্ষণৰ কাম চলি আছে ৷
ADVERTISEMENT