Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

মুখ্যমন্ত্ৰীৰ পত্নী-সন্তানৰ ১৭ টা কোম্পানী-বিলাসী ৰিজ'ৰ্ট-চাহ বাগিচাকে ধৰি, সম্পত্তিৰ কথা উল্লেখ নির্দিষ্ট ঠিকাদাৰৰ বাবে নিবিদাৰ চৰ্ত সলনি

publisher by publisher
February 20, 2026
in Assam
Reading Time: 1 min read
0
Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Piyanka Gandhi Vadra:

ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি এক ২০ দফীয়া অভিযোগনামা মুকলি কৰে সাংসদ তথা অসম প্রদেশ কংগ্ৰেছৰ স্ক্রীণিং কমিটীৰ অধ্যক্ষৰ দায়িত্বত থকা প্রিয়ংকা গান্ধীয়ে। ‘অভিযোগনামা ২০২৬ঃ অসমৰ ৰাইজৰ আদালতত, অসমৰ জনগণ বনাম হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ (২০২১-২০২৬)’ শীর্ষক এই অভিযোগনামা প্রস্তুত কৰা হৈছে সাংসদ প্রদ্যুৎ বৰদলৈৰ নেতৃত্বত।

ADVERTISEMENT

#কি আছে অভিযোগনামাত

অভিযোগনামাৰ প্ৰথমটো অভিযোগ হৈছে দিছপুৰত কেন্দ্রীভূত ‘ছিণ্ডিকেটবাজ’ৰ স’তে এক অবৈধ সমান্তবাল অর্থব্যৱস্থা স্থাপন। ইয়াত কোৱা হৈছে যে ৰাজ্যৰ প্ৰতিষ্ঠিত চৰকাৰী ব্যৱস্থা দুর্বল কৰি এক সমান্তৰাল অর্থ ব্যৱস্থাৰে অবৈধ পুঁজি সংগ্ৰহ কৰি নিজ পৰিয়াল আৰু দলক সমৃদ্ধিশালী কৰিবলৈ আৰক্ষী-বন-পৰিবহণ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ দখল কৰি আহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে। এই বিভাগসমূহ অপব্যৱহাৰ কৰি মুখ্যমন্ত্রী ড০ শর্মা, তেওঁৰ ঘনিষ্ঠ মন্ত্রী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংহলে ২০২১ৰ পৰা এতিয়ালৈ এক কোটি ৬০ হেজাৰ টকাৰ অবৈধ পুঁজি লেনদেন কৰিছে। বছৰি গড়ে ৩২ হেজাৰ কোটি টকাৰ লেনদেন কৰি সমান্তৰাল অর্থব্যৱস্থা চলোৱা হৈছে।

শৰ্মাৰ চৰকাৰে অবৈধ বেট হল কয়লা খননৰ দৰে অবৈধ কার্যকলাপক উৎসাহিত কৰিছে আৰু সুৰক্ষা দিছে। যাতে ইয়াৰ পৰা অবৈধ পুঁজি সংগ্ৰহ কৰিব পাৰি। আন্তঃৰাষ্ট্ৰীয় সীমাৰে কঢ়িয়াই অনা বিভিন্ন নিষিদ্ধ সামগ্রী আৰু ড্ৰাগছৰ অসমৰ বুকুৰে সুচল পৰিবহণ কৰিবলৈ অসমৰ এক চৰকাৰী পৃষ্ঠপোষকতাৰ কৰিড’ৰলৈ ৰূপান্তৰিত কৰিছে। অসমৰ বুকুৰে অহা-যোৱা কৰা প্ৰতিবিধ সামগ্ৰীৰ বিপৰীতে ধন সংগ্ৰহ কৰি ছিণ্ডিকেট চলাই আছে।

অভিযোগনামাত উল্লেখ, ‘এই ছিণ্ডিকেট ব্যৱস্থাৰ যোগেদি কাঠ, কয়লা, বালি, লোহা, বার্মিজ চুপাৰি আৰু অন্যান্য মাটি-খনিজ সামগ্ৰীৰ লগতে ব্ৰইলাৰ মূৰ্গী, গৰু, গাহৰি, মাছ, কণী, মছলা, চিগাৰ্টে আৰু অন্যান্য সামগ্ৰীৰ অবৈধ চলাচল আৰু বাণিজ্যৰ বাবে বহু স্থানত নির্দিষ্ট চেক পইন্টত কমিছন সংগ্ৰহ কৰা হয়।’ দেশৰ মহাগাণনিক আৰু হিচাপ নিয়ন্ত্ৰকৰ বাৰম্বাৰ বিৰূপ সমালোচনাকো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্ব দিয়া নাই। তদুপৰি উল্লেখ, ‘স্বাস্থ্য বিভাগ আৰু পিডব্লিউডিৰ কামকে ধৰি চৰকাৰী উন্নয়নমূলক প্রকল্প, বিষয়া বদলি-নিযুক্তি আৰু হিমন্ত বিশ্ব শর্মা নিয়ন্ত্রিত নিবিদাত বৃহৎ পৰিমাণৰ আগতীয়া ধন সংগ্ৰহ কৰা এক সমান্তৰাল প্রতিষ্ঠানিক কমিছন ব্যবস্থা গঢ়ি তোলা হৈছে।’

দ্বিতীয় অভিযোগত উল্লেখ যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্রীসকল আৰু নিজ নিজ পৰিয়ালৰ সদস্যৰ দ্বাৰা ব্যাপক সম্পত্তি আৰু অবৈধ সম্পত্তি আহৰণ কৰা হৈছে। অভিযোগনামাত উল্লেখ, ‘বৃহৎ পৰিমাণৰ অঘোষিত অবৈধ ধন পুঞ্জীভূত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্রী পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংহল সকলো স্তৰতে গভীৰভাৱে দুর্নীতিত লিপ্ত বিজেপিৰ এই ক’লা ধনৰে নির্বাচনী প্রক্রিয়াত প্রভাৱ পেলোৱা হৈছে।’ তদুপৰি উল্লেখ, ‘অসমৰ বিভিন্ন জিলাত আৰু মহানগৰীৰ বিভিন্ন স্থানত মুখ্যমন্ত্রী আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে চৰকাৰী ধনৰ ব্যাপক অপব্যয় কৰি নিজ নিজ পৰিয়ালৰ নামত নামে-বেনামে বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।

মুখ্যমন্ত্ৰীৰ পত্নী আৰু সন্তানৰ নামত ১৭ টা কোম্পানী, বিলাসী ৰিজ’ৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ মাধ্যম প্রতিষ্ঠান, ফার্মাচিউটিকেল উদ্যোগ আৰু বিভিন্ন নামে-বেনামে প্রতিষ্ঠানকে আদি কবি হেজাৰ হেজাৰ বিঘা মাটিৰ মালিকানা স্বত্ব আছে মুখ্যমন্ত্রীব পৰিয়ালৰ নামত।’ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী নিবিদাক পছন্দৰ ঠিকা দিবলৈ আৰু ভাতঘৰৰ ঠিকাদাৰৰ স’তে পার্চেন্টেজ বিলাবলৈ সুবিধা অনুযায়ী নিবিদাৰ চৰ্ত সলনি কৰে বুলিও কংগ্ৰেছে অভিযোগ কৰি কয়, ‘ৰাজহুৱা আন্তঃগাঁথনিৰ গুণগত মানৰ স’তে আপোচ কৰি ৰাজ্যৰ বেছিভাগ বৃহৎ চৰকাৰী প্ৰকল্পসমূহ বিশেষকৈ পথ আৰু দলংসমূহ মুখ্যমন্ত্ৰীৰ এনে পছন্দৰ পাঁচজন ঠিকাদাৰৰ দ্বাৰাই নিৰ্মাণ কৰোৱা হৈছে।’

তৃতীয়টো অভিযোগ হৈছে, ‘কেগৰ সাৱধানবাণী সত্ত্বেও চৰকাৰৰ ঋণৰ পৰিমাণ আৰু অর্থনৈতিক সুব্যবস্থাপনা। ইয়াত উল্লেখ, ‘অসমৰ মুঠ ঋণৰ পৰিমাণ দুই লাখ কোটি টকা ইতিমধ্যে অতিক্রম কৰিছে, অসমৰ ৰাইজ আৰু ভৱিষ্যৎ প্রজন্মৰ ওপৰত বোজাৰ সৃষ্টি কৰা হৈছে। ভোটাৰক প্ৰভাৱিত কৰিবলৈ চৰকাৰে দিয়া ‘ফ্রী সুবিধা’সমূহৰ খৰচ বহন কৰিবলৈ এই ঋণ লোৱা হৈছে। অসমৰ জনগণক মৌলিক সুবিধা প্ৰদানৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ধন বিজেপিয়ে দলীয় কাম-কাজত আৰু নিৰ্বাচনী ব্যয় বহন কৰিবলৈ ব্যৱহাৰ কৰিছে। ‘চতুর্থ অভিযোগ অনুসৰি দশকজোৰা প্ৰতিশ্রুতি সত্ত্বেও অসমত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদানত ব্যর্থ হৈছে বিজেপি চৰকাৰ।

ইয়াত উল্লেখ, ‘নির্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে অসমৰ কোচ ৰাজবংশী, তাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা প্ৰদানৰ ভুৱা প্রতিশ্রুতি দিছিল। এই জনগোষ্ঠীসমূহক প্রলোভিত কৰি দ্বাৰ্থ সিদ্ধি হোৱাৰ পাছত নিজৰ প্ৰতিশ্ৰুতিসমূহ বিজেপি চৰকাৰে পাহৰি গ’ল। ২০১৪ত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰতে কোচ ৰাজবংশী, তাই আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি ভুৱা প্রতিশ্রুতি দিছিল।’ তদুপৰি উল্লেখ, ‘২০১৫ৰ নৱেম্বৰত কিৰেণ ৰিজিজুৱে কৈছিল যে ছয় জনগোষ্ঠীক স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্রধানমন্ত্রীক ইতিমধ্যে আগবঢ়োৱা হৈছে আৰু ২০১৬ৰ অসম বিধানসভা নির্বাচনৰ পূৰ্বে এই প্রস্তাৱে অনুমোদন লাভৰ সম্ভাবনা আছে।

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ মর্যাদা দিয়া হ’ব বুলি কোৱা হৈছিল।’ অভিযোগানামাত কংগ্রেছে কয় যে লোকসভা নিৰ্বাচনৰ কিছুমাহ পূর্বে ২০১৯ৰ জানুৱাৰীত মোদী চৰকাৰে জনজাতিকৰণৰ বিধেয়ক সংসদত উত্থাপন কৰাৰ মিছা প্রতিশ্রুতি দিছিল। পঞ্চম অভিযোগ হৈহে যে খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি কৰ্প’ৰেটক গতাই দিয়া হ’ল। অভিযোগনামাত উল্লেখ, ‘ডিমা হাছাওৰ আদানী চিমেন্ট ফেক্টৰীৰ বাবে ২৯৭০ একৰ জনজাতিৰ ভূমি প্ৰদান কৰা হৈছে, কাৰ্বি আংলং ৰিলায়েন্স চিভিজি প্ৰকল্পৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাক্ষৰিত চুক্তি অনুসৰি জিলাখনৰ চাৰি হেজাৰ একৰ জনজাতীয় সম্প্রদায়ৰ ভূমি কম্প্ৰেছড বায়’গেছ প্রকল্পৰ বাবে বিলায়েন্সক হস্তান্তৰ কৰা হ’ব। তদুপৰি আদানী তাপ বিদ্যুৎ প্রকল্পৰ বাবে কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ বাসবাৰী অঞ্চলৰ হেজাৰ হেজাৰ বড়ো লোকক উচ্ছেদ কৰি ৰাজ্য চৰকাৰে গৌতম আদানীক ১১৮৮ একৰ ভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে। গোলাঘাটত পতঞ্জলিৰ পামতেলৰ নাৰ্ছাৰীৰ বাবে ২৫ একৰ ভূমি ৰামদেৱক হস্তান্তৰৰ সিদ্ধান্ত লোৱা হৈছে।

পলাশবাৰীৰ ৰামপুৰত অনুষ্ঠিত দৰাবিলৰ ৫০ একৰ ভূমি এটা ব্যক্তিগত কোম্পানীক লজিষ্টিকেল পার্ক নিৰ্মাণৰ বাবে প্ৰস্তাৱ লোৱা হৈছে।’ তদুপৰি পলাশবাৰীৰ বৰদুৱাৰৰ্ত ৰাভা, আদিবাসী আৰু গাৰো সম্প্ৰদায়ৰ লোক উচ্ছেদৰ আশংকাত ভুগিছে। ইয়াত প্রায় ১৫শ একৰ ভূমি এটা কোম্পানীক ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বাবে হস্তান্তৰ কৰা হ’ব। তদুপৰি নগাঁৱৰ মিকিৰ বামুণী গাঁৱৰ হেজাৰ হেজাৰ কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি সৌৰশক্তি উৎপাদনৰ বাবে এজুৰ পাৱাৰ নামৰ এটা ব্যক্তিগত কোম্পানীক ৯১ একৰ ভূমি প্ৰদান কৰা হৈছে। কাৰ্বি আংলঙৰ লাহৰীজানত এটা সৌৰ বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে ৫৯৪০ একৰ জনজাতি লোকৰ ভূমি আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষষ্ঠ প্রস্তাৱনাত কোৱা হৈছে যে অসম চুক্তিৰ প্ৰতি  বিশ্বাসঘাতকতা কৰ ছয় নম্বৰ দফা আজি পর্যন্ত কার্যকৰী কৰা নহ’ল। বিশেষজ্ঞ সমিতিৰ অধিবেশনৰ পাছতো এই দফা আজিও কার্যকৰী নহ’ল। পৰিচয়ৰ সুৰক্ষা কেবল নির্বাচনী শ্ল’গান হৈ ৰ’ল। ২০২৫ৰ নিৰ্দেশ অনুসৰি ২০১৪ৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা অনুপ্রৱেশকাৰীয়ে কোনো ধৰণৰ বৈধ নথিপত্র আইনী ব্যৱস্থা অবিহনে ভাৰতত থাকিব পাৰিব। এই নির্দেশে ‘কা’ব সময়সীমা ১০ বছৰলৈ বৃদ্ধি কৰি অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰে।

আনহাতে, সপ্তম অভিযোগত কোৱা হৈছে এইদৰে, ‘এনআৰচি প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। এনআৰচিৰ বাবদ ব্যয় হোৱা ১,৬০০ কোটি টকা হৈছে অসমত সংঘটিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰি। ‘বিজেপি চৰকাৰে এনআৰচি অস্বীকাৰ কৰি সমান্তৰালভাৱে চৰকাৰী ব্যৱস্থাৱলীৰ জৰিয়তে ত্ৰাসৰ সৃষ্টি কৰি অসম চুক্তিৰ আত্মা আৰু নীতি দুয়োটাই উলংঘন কৰিছে বুলি কংগ্রেছে অভিযোগ কৰে। আন অভিযোগসমূহৰ ভিতৰত আছে বান আৰু গৰাখহনীয়াত ৰাষ্ট্ৰীয় দুর্যোগৰ মৰ্যাদা দিয়াত ব্যর্থ, নতুন চাকৰি সৃষ্টিত বিজেপি চৰকাৰ ব্যৰ্থ আদি।

অভিযোগনামাত উল্লেখ যে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে ২০২১ৰ পৰা অসমৰ বাবে কোনো ধৰণৰ বান সাহায্য মুকলি কৰা নাই। ইপিনে, অসমৰ নিবনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক ৬.৭ শতাংশ। বৰ্তমানৰ অসমৰ নিবনুৱাৰ সংখ্যাই ২৩ লাখ অতিক্ৰম কৰিছে। বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বাবে শিক্ষিত যুৱক-যুৱতীয়ে অসমৰ বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। আন এক অভিযোগ অনুসৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা দুৰ্বল কৰি দুখীয়া শিশুক শিক্ষা অধিকাৰত প্ৰৱঞ্চিত কৰা হৈছে। ৰাজ্যত ন হেজাৰ অধিক বিদ্যালয় আৰু একত্ৰিত কৰাৰ ফলত যাতায়াতৰ অসুবিধাকে ধৰি বিভিন্ন সমস্যাই ছাত্ৰ-ছাত্ৰীক জুৰুলা কৰিছে। ফলত ছাত্র-ছাত্রীসকলে শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে।

ইপিনে, কংগ্ৰেছে অভিযোগ কৰে যে অসমত ব্যর্থ স্বাস্থ্য সেৱাৰ বাবে প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে। গ্রামাঞ্চলৰ চাহ বাগিচা অঞ্চলত চিকিৎসা সঁজুলি, চিকিৎসক আৰু নাৰ্ছ তথা বিশেষজ্ঞৰ অভাৱ।

আন এক অভিযোগত কোৱা হৈছে যে দৰিদ্ৰ চাহ শ্রমিকক প্ৰতাৰণা কৰি ৩৫১ টকাৰ দিন মজুৰিৰ দশকজোৰা প্রতিশ্রুতি আজিলৈ কাৰ্যকৰী কৰা নহ’ল। নিজ প্ৰাপ্যৰ পৰা বঞ্চিত ১০ লক্ষাধিক চাহ শ্রমিকে পুষ্টিহীনতাৰ স’তে যুঁজি আছে। পক্ষপাতমূলক আচৰণ কৰি সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰে বুলড’জাৰ নীতি চলাই নিশাৰ ভিতৰতে বহু পৰিয়ালক উচ্ছেদ কৰিছে।

আনহাতে, আন এক অভিযোগত উল্লেখ যে আতংকিত পৰিৱেশ সৃষ্টি কৰি ‘এনকাউণ্টাৰ’ৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ‘কাউবই’ শাসন ব্যৱস্থা চলাইছে। আৰক্ষী বাহিনীক অপব্যৱহাৰ কৰি জনতাৰ মাজত ভীতি সঞ্চাৰ কৰা হৈছে। আনহাতে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ, যৌন নির্যাতন আৰু মানৱ সৰবৰাহত অসমে অভিলেখ গঢ়িছে। অভিযোগনামাত উল্লেখ, ‘চৰকাৰীভাৱে অপৰাধৰ সংখ্যা হ্রাস কৰিবলৈ বহু থানাক এহেজাৰ পঞ্জীয়ন নকৰিবলৈ নির্দেশ দিয়া হৈছে। ফলত বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ অধিক ৰূপত গোপন হৈ থাকে।’

ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰা, ড্ৰাগছৰ সমস্যাৰ সমাধানৰ আওকাণ কৰা, অবৈধ আৰু অবৈজ্ঞানিক ‘ৰেট হল’ কয়লা খননক উৎসাহিত কৰি ৰাজ্যৰ খনন সমৃদ্ধ অঞ্চলসমূহক মৃত্যু উপত্যকালৈ পৰিণত কৰা বুলি অভিযোগ কৰে কংগ্ৰেছে। বিজেপি উপযুক্ত পৰিকল্পনাৰ অভাৱত নগৰ-চহৰসমূহত কদৰ্য ৰূপ ধাৰণ কৰিছে।

তদুপৰি বাক স্বাধীনতাক মষিমূৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক নিস্তব্ধ কৰা বুলি কংগ্রেছে অভিযোগ কৰে। দুর্নীতি-অৱহেলা আৰু প্ৰতিশ্রুতি পূৰণ নকৰাৰ বাবে চৰকাৰক জবাবদিহি কৰাৰ লগতে ভয়, বল প্রয়োগ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ আধাৰত শাসন ব্যৱস্থা প্রত্যাখ্যান কৰিবলৈ কংগ্ৰেছে ৰাইজক আহ্বান জনায়।

#সঠিক ৰূপত টিকট বিতৰণ কৰা হ’ব

কংগ্ৰেছৰ বিৰুদ্ধে ২০ দফীয়া অভিযোগনামা মুকলিৰ পাছত প্রিয়ংকা গান্ধীয়ে সঠিক ৰূপত টিকট বিতৰণৰ আশ্বাস দিয়ে। তেওঁ সংবাদ মাধ্যমক কয়, ‘আমি সকলোৱে একগোট হৈ শক্তিশালী ৰূপত অসমৰ নিৰ্বাচনত যুঁজ দিম। আমাৰ প্রচেষ্টা হ’ব যাতে টিকট সঠিকভাৱে বিতৰণ কৰা হয়।’ তেওঁ কয় যে সকলোৰে পৰা তেওঁ পৰামৰ্শ-মতামত গ্রহণ কৰিছে আৰু দুদিন ধৰি এই কার্যসূচীয়ে থাকিব। যিমান পাৰি অধিকাংশ লোকক সাক্ষাতৰ চেষ্টাও কৰিব বুলি প্রিয়ংকাই কয়। সম্পূর্ণ পুনৰীক্ষণৰ পাছতে ইয়াৰ মূল্যায়ন কৰি সঠিক টিকট বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি প্রিয়ংকাই কয়। স্ক্রীণিং কমিটীৰ সদস্যসকলে বিভিন্ন জিলালৈ যোৱা বুলি তেওঁ কয়। অৱশ্যে নির্বাচনী মিত্রতা সন্দর্ভত তেওঁ কোনো মন্তব্য নকৰিলে।

#আকৌ এখন যুঁজ হ’ব

এই অভিযোগনামা মুকলি অনুষ্ঠানত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে তৃণমূল কর্মীসকলক উদ্দেশি কয় যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব ইয়ালৈ আহিছে আৰু সকলো একত্রিত হৈছে। তেওঁ কয়, ‘এইবাৰ যুঁজ এখন হ’বই। পূৰ্বতে আমাৰ স’তে কোনে এইদৰে আলোচনা কৰিছিল? আগন্তুক বিধানসভা নির্বাচনত কোন কোন বিষয় ৰাইজৰ মাজলৈ লৈ যাব আপোনালোকৰ ওপৰত বিশেষ দায়িত্ব আছে।’ তেওঁ কয় যে আজি সেয়েহে এই অভিযোগনামা প্ৰস্তুত কৰি বিষয়সমূহ উপস্থাপন কৰা হৈছে। এই অভিযোগনামাৰ সকলোবোৰ কথা অসমৰ প্ৰতিটো ঘৰলৈ প্ৰতিজনৰ মাজলৈ লৈ যাবলৈ গৌৰৱে তৃণমূল কর্মীক আহ্বান জনায়।

দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা চৌহদত এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ দায়িত্বৰত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্রী ডি কে শিৱ কুমাৰ, চত্তিছগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল আদি। তদুপৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে। গৌৰৱ গগৈয়ে কয়, ‘প্রিয়ংকা গান্ধীয়ে অসমীয়া মানুহৰ মনৰ বুজ ল’বলৈ আহিছে। এইবাৰ এটা বিশেষ দায়িত্ব লৈ আহিছে। তেওঁ কংগ্ৰেছৰ পৰা অসমীয়া মানুহে কি বিচাৰে সেয়া জানিবলৈ আহিছে।

ইয়াৰ পূৰ্বে কোনো এনে ডাঙৰ নেতাই স্ক্রীণিং কমিটীৰ দায়িত্ব লোৱা মোৰ মনত নাই। এই কথা প্রমাণ হৈছে যে অসম বিধানসভা নির্বাচন কংগ্ৰেছে গুৰুত্ব সহকাৰে লৈছে।’ ইপিনে, অভিযোগনামা সন্দর্ভত সাংসদ বৰদলৈয়ে কয়, ‘আমি পাঁচটা গোটে ৰাজ্যৰ প্রান্তে প্রান্তে গৈ ৰাইজৰ মতামত গ্ৰহণ কৰিছিলো। এই মতামতৰ ভিত্তিত আমি অভিযোগনামা প্রস্তুত কৰিছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCHimanta Biswa Sarmaindictmentpiyanka Gandhi Vadra
publisher

publisher

Related Posts

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি

September 12, 2026
ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

September 12, 2026
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা
Assam

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন
Assam

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

September 12, 2026
Assam

September 12, 2026
Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা
Assam

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d