আকৌ বাঢ়িব নেকি তলাবন্ধৰ ম্যাদ?

will lockdown extended in india

তলাবন্ধৰ ম্যাদ অহা ৩ মে’ত অন্ত পৰিব নে? এয়া এই মুহুৰ্তত এক চৰ্চিত প্ৰশ্ন । দেশত কৰ’না আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ছশৰো অধিক হ’ল ৷ সেয়েহে তলাবন্ধৰ পৰ্ব ৪০ দিনত অন্ত হ’ব নে নাই তাৰ কোনো স্পষ্ট উত্তৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিব পৰা নাই । ইয়াৰ মাজত আশাত বন্দী হৈ আছে দেশৰ সাধাৰণ জনতা ৷ তেওঁলোকৰ আশা যে অহা তিনি মে’ত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্ত পৰিলেই তাৰ পিছদিনাৰ পৰা দেশৰ স্বাভাৱিক ছন্দ উভতি আহিব ৷ অৱশ্যে আন একাংশই তৃতীয় পৰ্যায়ৰ তলাবন্ধ হ’ব পাৰে বুলিও আশংকা কৰিছে । স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলৰ মতে,সমগ্ৰ দেশত অৰ্থনৈতিক কাম কাজ সুচল কৰাৰ বাবে যি আংশিক ৰেহাই দিয়া হৈছে। তলাবন্ধৰ ভৱিষ্যতক লৈ উত্তৰ ইয়াৰ মাজতে আছে ৷

আংশিকভাৱে তলাবন্ধ শিথিল কৰাৰ সময়ত দেশত কৰ’নাৰ সংক্ৰমণ হঠাৎ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে নে নাই তাৰ ওপৰতে এই বিষয়টো নিৰ্ভৰ কৰিছে বুলি বিষয়াসকলে কয়। ইফালে কৰ’না ভাইৰাছৰ “হটস্পট” ৰূপে অঞ্চলত কোনো ৰেহাই দিয়া নাই । কেন্দ্ৰীয় সচিব লৱ আগৰৱালাই কয় যে এই দিনটো অতি গুৰুত্বপূৰ্ণ ৷ দৰাচলতে আগন্তুক দুসপ্তাহৰ ছবি কেনে হ’ব তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিব বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় । অহা সাতদিনৰ পৰা ১০ দিনৰ ভিতৰত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাব ৷ এই ক্ষেত্ৰত মন্ত্ৰ্যালয়ৰ এজন বিষয়াই কয় যে আগন্তুক দুইৰ পৰা তিনিদিনৰ ভিতৰত যিসকলে ঘৰৰ পৰা বাহিৰলৈ কাম কৰিবলৈ যাব তেওঁলোকৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক ৷ যদি তেনে হয় তেন্তে কিছু সপ্তাহৰ পিছতে লক্ষণে দেখা দিব ৷ বিশেষজ্ঞসকলৰ মতে যদি এই তথ্য সঁচা হয় তেন্তে দেশত তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ কাৰণে সাজু থাকিব লাগিব দেশবাসী ৷

Exit mobile version