ঘৰলৈ আৰু মাত্ৰ ১১ কিলোমিটাৰ,কিন্তু নিথৰ হৈ ঘৰলৈ উভতিল জমালো

bijapur
কৰ’না মহামাৰীক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি বিশ্বৰ  বিভিন্ন প্ৰান্ততত অন্যান্য সমস্যাৰ লগতে বিভিন্ন কৰুণ ঘটনাও সংঘটিত হৈছে ৷তেনে এক ঘটনা সংঘটিত হ’ল ছত্তীশগড়ৰ বিজাপুৰত ৷নিজৰ আপোন ঘৰখনত উপস্থিত হ’বলৈ মাত্ৰ ১১ কিলোমিটাৰ থাকোতেই মৃত্যু হ’ল ১২ বছৰীয়া জমালোৰ। পিতৃ মাতৃৰ একমাত্ৰ সন্তান জমালোৰ পৰিয়ালে জংঘলত বিভিন্ন শস্য উৎপাদন কৰি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰি আহিছিল৷সেই সূত্ৰেই প্ৰথমবাৰৰ কাৰণে জমালোৱে গাঁৱৰ একাংশ মহিলাৰ সৈতে তেলেংগনাত জলকীয়া খেতি কৰিবলৈ গৈছিল৷
ইয়াৰ পিছত দেশত তলাবন্ধ ঘোষণা কৰাৰ লগে লগে তেলেংগনাৰ পৰা ছত্তিছগড়লৈ ১১ জন লোকে নিজ গৃহ অভিমুখে প্ৰায় ১০০ কিলোমিটাৰ খোজ কাঢ়ি যাত্ৰা কৰে। খোজ কাঢ়ি যাত্ৰা কৰা ১১ জন লোকৰ ভিতৰত আছিল ৩ টা শিশু আৰু ৮ গৰাকী মহিলা। ইফালে বাকী লোকসকলে ১০০ কিলোমিটাৰ খোজকাঢ়ি ঘৰত উপস্থিত হয় যদিও জমালো নামৰ শিশুটিৰ আদবাটতে মৃত্যুক সাৱটি লয় ৷
আনহাতে জমালোৰ মৃত্যুৰ পিছত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি একাংশ লোকে আশংকা ব্যক্ত কৰিছিল যদিও পিছত চিকিৎসকৰ পৰীক্ষাত শিশুটি যে কৰ’নাত আক্ৰান্ত নহয় সেই কথা স্পষ্ট হয় ৷ কিন্তু বাকী লোকসকলক কোৱাৰেন্টাইন চেন্টাৰলৈ পঠোৱা হৈছে ৷উল্লেখ্য কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে দেশত বিভিন্ন ঘটনা সংঘটিত হৈছে ৷কিন্তু শেহতীয়াকৈ ছত্তীশগড়ৰ জমালোৰ কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
Exit mobile version