ক’ভিড – ১৯ ভাইৰাছ সংক্ৰমণৰ তাৎক্ষণিক পৰীক্ষা বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহা ২২ এপ্ৰিল অৰ্থাৎ বুধবাৰৰ পৰা ৰাজ্যত “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ কৰা কথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ আই চি এম আৰ য়ে আগন্তুক দুটা দিনৰ বাবে এই কীট ব্যৱহাৰ কৰিব নালাগে বুলি প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | চীনৰ পৰা অনা এই সমূহ “ৰেপিড টেষ্ট কীট” পৰীক্ষাৰ অন্ততহে পৰৱৰ্তী নিৰ্দেশ প্ৰদান কৰিব বুলি আই চি এম আৰে প্ৰকাশ কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই আগন্তুক দুটা দিনলৈ অসমত “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ নহয় বুলি টুইটাৰত মন্তব্য কৰিছে | উল্লেখ্য যে মন্ত্ৰী ড০ শৰ্মাই মঙ্গলবাৰে ক’ভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত সম্প্ৰতি নিয়ন্ত্ৰিত অঞ্চল হিচাপে চিহ্নিত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন আৱাসিক অঞ্চলৰ পৰাই এই দ্ৰুত পৰীক্ষণ বুধবাৰৰ পৰা আৰম্ভ কৰা কথা উল্লেখ কৰি ভাৰত চৰকাৰে ৯৬০০ টা এনে “ৰেপিড এন্টিবডী টেষ্ট” সঁজুলি অসমক প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছিল ৷
চীনৰ পৰা আমদানিকৃত “ৰেপিড এন্টিবডী টেষ্ট” ব্যৱহাৰত বাধা আই চি এম আৰৰ : দুটা দিনৰ পাছতে কৰিব পাৰিব ব্যৱহাৰ
-
By publisher
- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19ICMRINDIA FIGHTS CORONASTAY HOME STAY SAFE
Related Content

Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025