চীনৰ পৰা আমদানিকৃত “ৰেপিড এন্টিবডী টেষ্ট” ব্যৱহাৰত বাধা আই চি এম আৰৰ : দুটা দিনৰ পাছতে কৰিব পাৰিব ব্যৱহাৰ 

ক’ভিড – ১৯ ভাইৰাছ সংক্ৰমণৰ তাৎক্ষণিক পৰীক্ষা বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহা ২২ এপ্ৰিল অৰ্থাৎ বুধবাৰৰ পৰা ৰাজ্যত “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ কৰা কথা  স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ আই চি এম আৰ য়ে আগন্তুক দুটা দিনৰ বাবে এই কীট ব্যৱহাৰ কৰিব নালাগে বুলি প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | চীনৰ পৰা অনা এই  সমূহ “ৰেপিড টেষ্ট কীট” পৰীক্ষাৰ অন্ততহে পৰৱৰ্তী নিৰ্দেশ প্ৰদান কৰিব  বুলি  আই চি এম আৰে প্ৰকাশ কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰী ড০  শৰ্মাই আগন্তুক দুটা দিনলৈ অসমত  “ৰেপিড এন্টিবডী টেষ্ট” আৰম্ভ নহয় বুলি টুইটাৰত মন্তব্য কৰিছে | উল্লেখ্য যে মন্ত্ৰী  ড০ শৰ্মাই মঙ্গলবাৰে  ক’ভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত সম্প্ৰতি নিয়ন্ত্ৰিত অঞ্চল  হিচাপে চিহ্নিত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন আৱাসিক অঞ্চলৰ পৰাই এই দ্ৰুত পৰীক্ষণ বুধবাৰৰ পৰা আৰম্ভ কৰা কথা উল্লেখ কৰি ভাৰত চৰকাৰে ৯৬০০ টা এনে “ৰেপিড এন্টিবডী টেষ্ট” সঁজুলি অসমক প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছিল ৷
Exit mobile version