তলাবন্ধে চৰম দুৰ্ভিক্ষ নমাইছে চাহ শ্ৰমিকৰ জীৱনলৈ

TEA GARDENN
সমগ্ৰ দেশতে ন’ভেল কৰ’না ভাইৰাছ দ্ৰুতগতিত সংক্ৰমিত হোৱাত ভাৰত চৰকাৰে প্ৰথম পৰ্যায়ত ২১ দিন আৰু দ্বিতীয় পৰ্য্যায়ত ১৯ দিন তলাবন্ধ ঘোষণা কৰাত অসমৰ দৰিদ্ৰ চাহ শ্ৰমিকসকলৰ চৰম দুৰ্ভিক্ষ সৃষ্টি হৈছে ৷আনহাতে চৰকাৰে চাহ শ্ৰমিকসকলক সাহাৰ্য দিয়াৰ নামত ৰাজনীতি আশ্ৰয় কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷
বহু শ্ৰমিকৰ ৰেচন কাৰ্ড নথকা ফলত বিনামূলীয়া চৰকাৰী চাউল পাবলৈ সক্ষম হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে তলাবন্ধৰ সময়ছোৱাত উদ্যোগৰ মালিক গোষ্ঠীয়ে মজুৰি ৰেচন কৰ্তন কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ পিছতো বাগিচা কৰ্তৃপক্ষই অংগুষ্ঠ প্ৰদৰ্শন কৰি সেইয়া প্ৰদান নকৰাত বহু নিৰক্ষৰ দৰিদ্ৰ শ্ৰমিকসকলৰ বৰ্তমান উপায়হীন হৈ পৰিছে ৷আনহাতে চাহ শ্ৰমিকসকলক প্ৰাপ্য মজুৰি আৰু ৰেচন দিয়াৰ ক্ষেত্ৰত অসম চাহ সংঘই বনিক গোষ্ঠীৰ পক্ষ লোৱাৰ বিস্ফোৰক অভিযোগ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ “আছা”ই।
এক বিবৃত্তিত “আছা” ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে উল্লেখ কৰা অনুসৰি,বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলক ৫০০-১০০০ টকা হিছাপে প্ৰদান কৰিছে যদিও সেইয়া সকাহ দিব পাব নাই । আনহাতে বাগিচা কৰ্তৃপক্ষই অস্থায়ী শ্ৰমিকসকলক ফুটা কড়ি এটকাও প্ৰদান কৰা নাই। তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ জিলাৰ প্ৰায় সংখ্যক চাহ বাগিচাই মজুৰি ৰেচন প্ৰদান কৰা নাই। এই ক্ষেত্ৰত শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘ সম্প্ৰতি মৌন হয় আছে ৷সংকটময় পৰিস্থিতিৰ সময়ত চাহ মজদুৰ সংঘৰ এই ভূমিকা যথেষ্ট সন্দেহজনক বুলি অভিহিত কৰিছে আছা”ই। চাহ মজদুৰ সংঘ যদি সচাকৈয়ে শ্ৰমিক সংগঠন তেন্তে মালিক গোষ্ঠীক উকালতি কৰা বাদ দি আদিবাসী শ্ৰমিকসকলৰ সংকটকালত মাত মাতিবলৈ সংঘক প্ৰত্যাহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা”য়ে ৷
Exit mobile version