প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি ভাৰতে পৰিৱৰ্তন কৰাত অসন্তুষ্ট চীন

nintchdbpict000387991329

চীনক জব্দ কৰিবলৈ ভাৰতে প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত সালসলনি ঘটোৱাৰ পাছত তীব্ৰ বিৰোধিতা কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। ভাৰতৰ নতুন নীতি বিশ্ব বাণিজ্য সংস্থাৰ নীতিৰ বিৰোধী বুলি দাবী কৰি পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে চীনে। নতুন দিল্লীত চীনা দূতাবাসে ভাৰতৰ এই সংশোধিত নীতি  বিভেদমূলক বুলি সমালোচনা কৰিছে ৷ অৱশ্যে ভাৰত চৰকাৰে পূৰ্বৰে পৰা কৈ আহিছে যে কৰ’না ভাইৰাছৰ মাৰাত্মক প্ৰভাৱৰ ফলত ক্ৰমশঃ দুৰ্বল হ’বলৈ ধৰা দেশীয় প্ৰতিষ্ঠানক যাতে সুযোগ সন্ধানী বিদেশী প্ৰতিষ্ঠানে অধিগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে প্ৰত্যক্ষ বিদেশী বিনিয়োগত এই পৰিৱৰ্তন সাধন কৰা হৈছে । সংশোধিত নীতি অনুসৰি ভাৰতৰ স’তে স্থল সীমান্তবৰ্তী কোনো দেশৰ কোনো সংস্থা বা ব্যক্তিয়ে ভাৰতীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰিব লাগিব । দুটা সংস্থাৰ মাজত পোনপটীয়াকৈ চুক্তিৰ জৰিয়তে বিনিয়োগ কৰিব বিচাৰিলে চৰকাৰৰ পৰা অনুমোদন গ্ৰহণ কৰিব লাগিব । দুটা সংস্থাৰ মাজত পোনপটীয়াকৈ চুক্তিৰ জৰিয়তে বিনিয়োগ কৰিব নোৱাৰিব ।

পূৰ্বতে এই নিয়ম কেৱল পাকিস্তান আৰু বাংলাদেশৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল ৷ নতুন সিদ্ধান্তৰ ফলত চীন, নেপাল, ভূটান আৰু ম্যানমাৰো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ফলত ক্ষুদ্ধ হৈছে বেইজিং । ইফালে চীনা বিবৃত্তিত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত যি অতিৰিক্ত বাধা আৰোপ কৰিছে সেয়া বিশ্ব বাণিজ্য সংস্থাৰ বিভেদহীন নীতিৰ বিৰোধী৷কোনো এখন নিৰ্দিষ্ট দেশৰ ওপৰত এইদৰে বাধাৰ সৃষ্টি কৰিব নোৱাৰি ৷ এয়া বাণিজ্য আৰু বিনিয়োগৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ ৷ ভাৰতৰ সিদ্ধান্তৰ পুনৰ বিবেচনা জনাইছে দেশখনৰ ৰাষ্ট্ৰপতি জিং পিঙৰ চৰকাৰে ৷ আনহাতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তলাবন্ধৰ ফলত উদ্যোগ বাণিজ্য কাৰ্যতঃ স্তব্ধ হৈ পৰিছে। বিভিন্ন সমীক্ষাৰ মতে এনে বহু প্ৰতিষ্ঠান দেউলীয়া হ’ব পাৰে আৰু এই দুৰৱস্থা সুযোগ লৈ ভাৰতীয় সংস্থাসমূহক অধিগ্ৰহণ কৰিব পাৰে চীনে ৷ অতি সম্প্ৰতি এইচ ডি এফ চি বেংকত চীনে অংশীদাৰিত্ব বৃদ্ধি কৰাত অধিক সাৱধান হৈ পৰে ভাৰত। চীনৰ শীৰ্ষ বেংক পিপ’লছ বেংক অৱ চাইনাই অংশীদাৰিত্ব বৃদ্ধি কৰে ফলত উদ্যোগ আৰু বাণিজ্য মহলত ভাৰতত আশংকিত হয় । ইয়াৰ পাছতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল গান্ধী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো চৰকাৰক সতৰ্ক কৰি দিয়ে ৷

Exit mobile version