এহেজাৰ এলপিজি বিতৰকৰ স’তে ভিডিঅ’

viewimage

দৰিদ্ৰসকলৰ সাহায্যাৰ্থে বিনামূলীয়া উজ্বলা ৰিফিলৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে সমগ্ৰ দেশৰ প্ৰায় এহেজাৰ এলপিজি বিতৰকৰ স’তে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপত ভাগ লয় ৷ এই বাৰ্তালাপৰ জৰিয়তে মন্ত্ৰীজনে তলাবন্ধৰ সময়ছোৱাত ঘৰে ঘৰে এলপিজি চিলিণ্ডাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰা বিতৰকসকলক প্ৰশংসা কৰি তেওঁলোকক পিএমইউৱাইৰ হিতাধিকাৰীসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া তিনিটা এলপিজি চিলিণ্ডাৰ বিতৰণৰ যোগান বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷

Exit mobile version