লক্ষাধিক টকাত এম্বুলেঞ্চ ভাড়া কৰি স্বগৃহলৈ উভতিল কৰ্কট ৰোগী 

ambulance

তলাবন্ধৰ সময়ত বহিঃৰাজ্যত  আবদ্ধ হৈ অতি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’ল পশ্চিমবংগৰ  চৰকাৰৰ দুই কৰ্মচাৰী। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈ দুৰ্গতিৰ  সন্মুখীন হোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰি ক্ৰন্দনত ভাঙি পৰে  অভিজিৎ মল্লিক আৰু তেওঁৰ পত্নীয়ে ।পশ্চিমবংগৰ দেবংগা চহৰৰ কলছুৰৰ বাসিন্দা মল্লিক হৈছে ৰাজ্য চৰকাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আৰু তেওঁৰ পত্নীয়ে কাম কৰে স্বাস্থ্য বিভাগত ।

বহিঃ ৰাজ্যত আবদ্ধ হৈ  কোনো সাহায্য নোপোৱাৰ বাবে মল্লিক দম্পতীয়ে এক লাখ ১২ হাজাৰ টকাত এখন এম্বুলেঞ্চ ভাড়া কৰি স্বগৃহলৈ আহিবলগীয়া হয়।জানুৱাৰীতে মল্লিকৰ শৰীৰত ধৰা পৰিছিল  কৰ্কট ৰোগ। তেওঁ, পত্নী আৰু খুলশালীয়েকৰ স’তে চিকিৎসাৰ বাবে ফেব্ৰুৱাৰীতে ভেলোৰলৈ যায়।চিকিৎসাৰ পাছত তেওঁলোকে নিজ গৃহলৈ ওভতাৰ বাবে ২৫ মাৰ্চত  টিকট কাটি ৰাখিছিল ।

কিন্ত ২৩মাৰ্চৰ নিশাৰ পৰা দেশত তলাবন্ধ ঘোষণা কৰাত ৰেল চলাচল বন্ধ হৈ পৰে ।পিছত ২৬ মাৰ্চত  তিনিও জনে বিমানৰ টিকট ক্ৰয় কৰে ।তাতো বিপত্তি ।বিমান সেৱাও বন্ধ হৈ পৰে ।ৰেল আৰু বিমানৰ ধন ঘূৰাই নোপোৱাত তেওঁলোক যথেষ্ট অৰ্থ সংকটত পৰে ।উপায়ন্তৰ হৈ তেওঁলোক ভেলোৰৰ উক্ত হাস্পতালখনৰ কর্তৃপক্ষৰ শৰণাপন্ন হয়।হাস্পতাল কৰ্তৃপক্ষই তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা কৰি দিয়ে যদিও ঔষধ আৰু আন সেৱা বোৰ নাপালে ।মল্লিকে কয় ইয়াৰ পিছত ঘৰলৈ উভতি অহাত সহায়ৰ আহ্বান জনাই তেওঁলোকে ৰাজ্য চৰকাৰৰ সচিবালয়লৈ ফোন কৰে কিন্ত তেওঁলোকৰ পৰাও কোনো সাহায্য নাপালে ।শেষত নিৰূপায় হৈ চেন্নাইৰ পৰা এখন এম্বুলেঞ্চ ভাড়া কৰিয়ে স্বগৃহলৈ উভতি আহে ।

Exit mobile version