স্থায়ী কৰ্মচাৰী হ্রাসৰ আশংকা 

indian economy

কৰ’নাৰ ধ্বংসকাৰ্য শেষ হোৱাৰ পাছতো স্বাভাৱিক পৰিস্থিতি উভতি নাহিব ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ ।এই অতিমাৰীৰ প্ৰকোপ ওৰ পৰিলেও পৰৱৰ্তী সময়ত কাম আৰু কৰ্মচাৰী উভয়ৰে প্ৰকৃতি সলনি হ’ব বুলি আশংকা প্ৰকাশ কৰিছে একাংশ বিশেষজ্ঞ আৰু উদ্যোগপতিয়ে।উল্লেখ্য যে তলাবন্ধৰ সময়ছোৱাত বহু কৰ্মচাৰীয়ে নিজগৃহতে বহি কাম কৰিছে।

এই নতুন মডেলক কেন্দ্ৰ কৰিয়ে এতিয়া কোম্পানীসমূহে চিন্তা-ভাৱনা আৰম্ভ কৰিছে।নীতি আয়োগে এখন আলোচনা সভাৰ আয়োজন কৰে ।উক্ত সভাতে সভাতে তথ্য -প্ৰযুক্তিৰ কোম্পানী সমূহৰ সংগঠন ‘নেছকম’ৰ সভানেত্ৰী দেৱযানী ঘোষে কয় যে কাৰ্য্যালয়ৰ চৰিত্ৰ স্থায়ী ৰূপে সলনি হ’ব।কোনো কৰ্মচাৰীয়ে ঘৰত বহি বিভিন্ন কোম্পানীৰ হৈ কাম কৰিছে ।

এই ‘গিগ ইক’নমী’ আৰু বাঢ়িব।উদাহৰণস্বৰূপে’ টাটা কনছাল্টেন্সী ছাৰ্ভিছে ঘোষণা কৰিছে ,২০২৫ ৰ পৰা তেওঁলোকৰ চৌহদত মাত্ৰ ২৫ শতাংশ কৰ্মচাৰীয়েহে কাম কৰিব ।আনহাতে ,বায়’কনৰ কাৰ্যবাহী অধ্যক্ষ কিৰণ মজুমদাৰ শ্ব’ৰ মতেস পৰিস্থিতি স্বাভাৱিক হ’লেও ‘ৱৰ্ক ফর্ম হোম’ অব্যাহত থাকিব।ইপিনে কামৰ এই নতুন প্ৰকৃতিৰ সুবিধা ক্ষুদ্ৰ বা মধ্যমীয়া উদ্যোগ বা অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে ল’ব পাৰিব নে নাই সেই বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে টিমলিজৰ অধ্যক্ষ মনিষ ছাভাৰৱালে।

তেওঁৰ যুক্তি ,’স্নাতকসকলৰ ৭৫শতাংশই নিজগৃহতে বহি কাম কৰিছে ।কিন্তু যিসকল স্নাতক নহয়,তেওঁলোকৰ মাত্ৰ ১০ শতাংশৰহে গৃহত বহি কাম কৰাৰ সুযোগ আছে।’উল্লেখ্য তলাবন্ধৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবেদন  জনাইছে যাতে নিয়োগ কাৰী কোম্পানী বা প্ৰতিষ্ঠানসমূহে কৰ্মীক ছাটাই নকৰে আৰু দৰমহা বন্ধ নকৰে ।

এই সন্দৰ্ভত ছাভাৰৱালে কয় ,’সকলোৱে জানো টাটা, বিৰলা-আম্বানীৰ কোম্পানীত কাম কৰে?ছয় কোটিৰ অধিক ক্ষুদ্ৰ -মধ্যমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ৯৮ শতাংশ প্ৰতিষ্ঠানত কৰ্মচাৰীৰ সংখ্যা ১০ জনৰ কম।এই সকলে ক’ৰ পৰা দৰমহা দিব?এই দেশত ব্যৱসায় কৰিবলৈ ৫৭ হেজাৰ নিয়ম-কানুন মানি চলিব লাগে।৩১শ নথিপত্ৰ জমা দিব লগীয়া হয়।

গড়ে দৈনিক আঠ বাৰ নিয়ম সলনি কৰে ।ইয়াতেই দেখোন ক্ষুদ্ৰ -মধ্যমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ জীৱন দুৰ্বিসহ হৈ উঠিছে।’আনহাতে ,’নেছকম ৰ সভানেত্ৰী ঘোষে দাবী কৰে ,আগন্তুক দুই-তিনি বছৰৰ বাবে ক্ষুদ্ৰ-মধ্যমীয়া কোম্পানী আৰু নতুনকৈ ব্যৱসায় আৰম্ভ কৰা সকলক সকলো ধৰণৰ নিয়ম-কানুনৰ পৰা ৰেহাই দিয়া হওক।’সেইদৰে ছাভাৰৱালে লগতে  কয় যে অবিলম্ব শ্ৰম সংস্কাৰৰ ঔষধৰ প্ৰয়োজন।কাৰোবাৰ পক্ষে এই দেশৰ শ্ৰম আইনৰ এশ শতাংশ মানিবলৈ গ’লে ১০ শতাংশ আইন ভাঙিব লগা হয়।

 

Exit mobile version