ইউৰোপ আমেৰিকাৰ তুলনাত ভাৰতত দুৰ্বল কৰ’না ভাইৰাছ 

coronavirus 4833754 1920

ভাৰতত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ সমান্তৰালভাৱে মৃতকৰ সংখ্যাও বাঢ়িছে । ইয়াৰ মাজতে আমেৰিকাৰ নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ পৰা সম্প্ৰতি প্ৰকাশিত কৰ’না ভাইৰাছ সম্পৰ্কীয় গৱেষণা পত্ৰই কিছু স্বস্তি দিছে উপ মহাদেশৰ বিশেষজ্ঞসকলৰ একাংশক ৷ গৱেষকসকলৰ দাবী অনুসৰি কৰ’না ভাইৰাছৰ মূল যি উপশ্ৰেণী ভাৰতসহ দক্ষিণ আৰু দক্ষিণ পশ্চিম এছিয়াত বিয়পিছে সেয়া আমেৰিকা বা ইউৰোপৰ উপ শ্ৰেণীৰ তুলনাত এই পৰ্যন্ত কিছু কম আগ্ৰসী আচৰণকৰিছে । ভাৰত যিহেতু জনসংখ্যাৰ ঘনত্ব অধিক গতিকে শাৰীৰিক দূৰত্ব বজাই ৰখাটো একমাত্ৰ পথ ৷ কাৰণ এই ভাইৰাছে সময়ৰ স’তে অতি দ্ৰুতভাৱে নিজৰ চৰিত্ৰ পৰিৱৰ্তনৰ ক্ষমতা আছে ৷

সেয়েহে আগন্তুক দিনত এই ভাইৰাছ আগ্ৰাসী হৈ উঠিব পাৰে । ইপিনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভাইৰাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হয় ৷ এনে এক পৰীক্ষাৰ ভিত্তিতে মাৰ্কিন বিজ্ঞানী ফৰেষ্টাৰ আৰু তেওঁৰ সহ গৱেষকসকলে প্ৰতিবেদন প্ৰস্তুত কৰি সংস্থাৰ নিয়মীয়া জাৰ্ণেলত প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত কৰ’নাক তিনিটা উপ শ্ৰেণীত ভাগ কৰা হৈছে । এই সমূহ হৈছে এ,বি আৰু চি ৷ গৱেষকসকলৰ দাবী অনুসৰি আমেৰিকা আৰু ইউৰোপৰ বিস্তীৰ্ণ অঞ্চলত “এ” আৰু “চি”ৰ প্ৰাবল্য দেখা দিলেও দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত “বি” শ্ৰেণীৰ ভাইৰাছৰ প্ৰাবল্য দেখিবলৈ পোৱা যায় ৷ভাৰত যিহেতু দক্ষিণ এছিয়াত অৱস্থিত সেয়েহে ভাৰতত বি শ্ৰেণীৰ ভাইৰাছৰ সম্ভাৱনা অধিক ৷

কিন্তু ভৱিষ্যতে এই ভাইৰাছে শ্ৰেণী পৰিৱৰ্তন কৰি এ বা চি শ্ৰেণীলৈ ৰূপান্তৰিত হ’ব নে নাই সেয়া কিছু সপ্তাহ পিছতহে নিৰ্ণয় হ’ব ৷ এই পৰ্যবেক্ষণৰ পৰিসংখ্যাত দেখা গৈছে যে এ আৰু চি ৰ তুলনাত বি ৰ মাৰণ ক্ষমতা এই পৰ্যন্ত কম ৷এই প্ৰতিবেদন পৰ্যালোচনা কৰি নেচনেল ইনষ্টিটিউটত অৱ বায়’মেডিকেল জিন’মিক্সৰ অধ্যাপক প্ৰিয়দৰ্শী বসুৱে কয়” কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা যে বিভিন্ন দেশত বিভিন্ন হৈছে তাৰ দুই ধৰণৰ ব্যাখ্যা আছে ৷প্ৰথম কথা হৈছে আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৷ভাৰতৰ দৰে যিসমূহ অঞ্চল মেলেৰিয়া প্ৰৱণ সেই অঞ্চলসমূহত মানুহৰ দেহত স্বাভাৱিকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয় ৷ বিচিজি ভেকচিন গ্ৰহণৰ পিছতো এনে হ’ব পাৰে ৷ প্ৰিয়দৰ্শী বসুৱে কয় যে কৰ’না ভাইৰাছ এটি পৰিয়াল । ইয়াৰ নিজস্ব নানা ৰূপ আৰু প্ৰকাৰ আছে । ইয়াৰ মূল উৎস চীনৰ য়ুহান ৷তাতেই এৰ পৰা পৰিৱৰ্তন হৈ বি আৰু চি শ্ৰেণীৰ সৃষ্টি হৈছে ৷ আনহাতে ভাৰতৰ নমুনাক লৈ গৱেষণা চলি আছে ৷ আগন্তুক সপ্তাহত নতুন তথ্য উদ্ধাৰ হ’ব।

 

Exit mobile version