কৰ’নাৰ প্ৰতিষেধক উপলব্ধ নোহোৱালৈকে কি কৰিব?

coronavaccine

♦ যেতিয়ালৈকে প্ৰতিষেধক অথবা ঔষধ উপলব্ধ নহয় তেতিয়ালৈকে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰিবই লাগিব। যিকোনো প্ৰকাৰে এই শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিবই লাগিব।

♦ প্ৰতিৰোধ শক্তিয়ে হ’ল বহুতৰপীয়া ৰোগৰ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া আদিৰ বিৰুদ্ধে যুজঁ দিব পৰা শক্তিশালী অস্ত্ৰ। সাধাৰণতে যিসকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক সেইসকলৰ শৰীৰত প্ৰৱেশৰ বাবে বেক্টেৰিয়া, ভাইৰাছ আদিয়ে সুৰক্ষাই নাপায়।

♦সকলোৱে সুস্থ জীৱন যাপনেৰে সু স্বাস্থ্যৰ অধিকাৰী হ’বলৈ চেষ্টা কৰা উচিত। কাৰণ সু-স্বাস্থ্যৰ অধিকাৰী হ’লে শৰীৰৰ প্ৰতিটো অংগই নিজৰ নিজৰ কাৰ্য স্বাভাৱিক ভাৱে কৰিব পাৰে।

♦ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব।কাৰণ ধূম্ৰপায়ী সকলৰ হাওঁফাওঁত বিভিন্ন ৰোগে গা কৰি উঠাৰ সম্ভৱনা থাকে। হাওঁফাওঁৰ সংক্ৰমণ অথবা আন ৰোগত আক্রান্ত হৈ থকা লোকক ক’ভিড-১৯ ৰ দ্বাৰা সহজেই বলি হোৱাৰ আশংকা থাকে।

♦ টোপনি ক্ষতি নকৰিব।কাৰণ দীৰ্ঘদিন ধৰি টোপনি ভাল নহ’লে শৰীৰটো দুৰ্বল হৈ পৰে। দুর্বল শৰীৰ মানেই ৰোগৰ বাহ।

Exit mobile version