কৰ’না ভাইৰাছ দীঘলীয়া সময়ৰ কাৰণে থাকিবঃ বিশ্ব স্বাস্থ্য সংস্থা

সমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’না ভাইৰাছ মহামাৰীয়ে সংহৰী ৰূপ ধাৰণ কৰিছে। তেনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য সঞ্চালক টেড্ৰচ আধানোম গ্ৰেবেচচে কয় যে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো দেশেই যাতে ভুল নকৰে ৷কাৰণ কৰ’না ভাইৰাচ আমাৰ মাজত দীঘলীয়া সময় ধৰি থাকিব । বিশ্বৰ বিভিন্ন দেশত কৰ’নাৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷

লগতে মহা নিৰ্দেশক  টেড্ৰচে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই উপযুক্ত সময়ত অৰ্থাৎ ৩০ জানুৱাৰীত “গ্ল’বেল ইমাৰ্জেন্সী” ঘোষণা কৰিছিল ৷যাতে বিশ্বৰ সকলো দেশেই কৰ’না মহামাৰীৰ বিৰুদ্ধে আঁচনি তৈয়াৰ কৰিব পাৰে। এখন সংবাদমেল যোগে টেড্ৰচে কয় যে পশ্চিমীয়া দেশবোৰত কৰ’না মহামাৰীৰ সংহাৰী ৰূপ ঠাই বিশেষে হ্ৰাস পাইছে যদিও সকলোতে হ্ৰাস পোৱা নাই ৷কিন্তু যিকোনো সময়ত এই মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে ৷

গতিকে দেশ তথা ৰাজ্য সমূহক এই মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো আপোচ নকৰিবলৈ আহ্বান কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।লগতে কয় “কৰ’নাৰ দৰে অতিমাৰীৰ বিৰুদ্ধে আমাৰ যুঁজখন দীঘলীয়া হ’ব ৷কাৰণ কৰ’না সহজে নোহোৱা হৈ নাযায়” ৷আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰচে বিশ্ববাসীক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান কৰে। কাৰণ ইতিমধ্যে বহু কেইখল দেশত সামাজিক দূৰত্ব,তলাবন্ধৰ মানি চলি কৰ’নাক প্ৰতিহত কৰিব পাৰিছে ৷

ইফালে আমেৰিকাই কৰ’না ভাইৰাছৰ প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থাৰ স্থিতিক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। ট্ৰাম্প প্ৰশাসনৰ মন্তব্য যে চীনৰ পৰা সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা কৰ’নাৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই তথ্য লুকুৱাইযে ।যদি সংস্থাই প্ৰাথমিক স্তৰতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেতিয়া এই মহামাৰী সমগ্ৰ বিশ্বত বিয়পি নপৰিলহেতেন ৷আৰু এই ভাইৰাছৰ মৃত্যু হোৱা লোকৰ সংখ্যাও যথেষ্ট কম হ’লহেতেন ৷

Exit mobile version