চৰাইদেউত  পাঁচজন আলফা (স্বা)ৰ সদস্যসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

IMG 20200423 WA0049

০ বুধবাৰে নিশা চৰাইদেউ জিলা আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত আটক পাঁচজন আলফা (স্বা)ৰ পাঁচজন দুৰ্ধৰ্ষ সদস্য |

০ অসম-অৰুণাচল-নাগালেণ্ড সীমান্তৰ সাপেখাটিৰ এঘৰত  বাহৰ পাতি থকা অৱস্থাৰ  আটক ।

০. আটকাধীন আলফা সদস্য কে’জন হ’ল ক্ৰমে অপূৰ্ব গগৈ ওৰফে আৰোহন অসম, সীমান্ত গগৈ ওৰফে মাইনা, বিৰাজ অসম ওৰফে যোগেন গগৈ, লক্ষজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম।

০. সীমান্ত গগৈ এজন আই ই ডি বিশেষজ্ঞ।

০. মাটিত পুতি  অৱস্থাৰ পৰা উদ্ধাৰ বৃহৎ পৰিমানৰ  অস্ত্ৰ-শস্ত্ৰ |

০. তিনিটা MQ 81 এছল্ট ৰাইফল, আঠটা MQ 81 মেগজিনছ, ৩২৩ টা MQ 81 এমুনেশ্যন, ৰাছিয়াত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, মেগজিনৰ স’তে এটা .২২ এম এম পিষ্টল, দুটা ০.২২ এম এম  এমুনেশ্যন, দুটা ৭.৬৫২ এম এম এমুনেশ্যন, প্ৰায় দুই কেজি জিলেটিন, তিনি মিটাৰৰ সাত টুকুৰা কৰডেক্স, ডিট’নেটৰছ আৰু আলফা (স্বা)ৰ পোচাকৰ লগতে অন্য বহু সামগ্ৰী উদ্ধাৰ |

Exit mobile version