তলাবন্ধত বিধ্বস্ত নগাঁৱৰ কৃষি অৰ্থনীতি : দুশ্চিন্তাত কৃষক ৰাইজ

IMG 20200330 WA0010 2
ADVERTISEMENT

গৰুক খুৱাইছে কুইন্টলে কুইন্টলে বিলাহী,ছিঙি পেলাইছে কেপছিকাম

মহামাৰী ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে চৰকাৰে বলবৎ কৰা তলাবন্ধৰ ফলত নগাঁও জিলাৰ কৃষি অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে । উৎপাদিত পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে জিলা খনৰ কৃষক ৰাইজ । পথাৰতে পকি নষ্ট হৈ গৈছে কৃষকৰ বিঘাই বিঘাই বিভিন্ন তৰহৰ পাচলি । বিশেষকৈ বিলাহী, বেঙেনা, জিকা, লেচেৰা, স্কোৱাছ, তিঁয়হ আদিৰ খেতি কৰা কৃষক সকল তলাবন্ধৰ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, কৃষিপ্ৰধান জিলা নগাঁৱৰ মুঠ কৃষি ভূমিৰ প্ৰায় বিশ ভাগ কৃষি ভূমিতেই জিলা খনৰ কৃষক সকলে বিভিন্ন শাক-পাচলিৰ খেতি কৰে । হাড়ভঙা পৰিশ্ৰমেৰে এইবাৰো জিলা খনৰ হেজাৰ হেজাৰ কৃষকে বেংক, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান, বিভিন্ন গোট আনকি একাংশ সুদখোৰৰ পৰা টকা ধাৰলৈ লৈ নিজা পথাৰত বিভিন্ন তৰহৰ পাচলিৰ খেতি কৰিছিল। পূৰ্বতকৈয়ো দুগুণ উদ্যমেৰে জিলা খনৰ কৃষক সকলে এইবাৰ  বিলাহী, বেঙেনা, জলকীয়া, জিকা, স্কোৱাচ, তিঁয়হ, কবি, তিতা কেৰেলা, পানীলাও, ভেন্দি,লেছেৰা মাহ আদিৰ খেতি কৰিছিল। নিৰ্দিষ্ট সময়ত কৃষকৰ পথাৰত লমালমে লাগিছিল বিলাহী, বেঙেনা, লেছেৰা, তিঁয়হ, জিকা,পানীলাও আদি।

ইয়াৰ লগে লগে কৰ্মঠ কৃষক সকলৰো আশাবোৰ ঠন ধৰি উঠিছিল। পথাৰৰ পাচলি চিঙি বজাৰত বিক্ৰী কৰাৰ বতৰতে নগঞা কৃষক ৰাইজলৈ এই এৰম বিপৰ্যয় নমাই আনে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাৰ সমগ্ৰ দেশজুৰি বলবৎ কৰা তলাবন্ধই। তলাবন্ধৰ ফলত দেশৰ অন্য ঠাইৰ লগতে নগাঁও জিলা খনো স্তব্ধ হৈ পৰে। প্ৰায় অচল হৈ পৰে জনজীৱন। যাৰ পৰিপ্ৰেক্ষিতত কৃষক সকলে নিজা পথাৰত উৎপন্ন হোৱা বিভিন্ন তৰহৰ পাচলি চিঙি বজাৰত বিক্ৰী কৰিব নোৱাৰা হয়। এই পাচলি সমূহ প্ৰতি দুই-তিনি দিনৰ মূৰে মূৰে চিঙি বজাৰত বিক্ৰী কৰিব লাগে, কিন্তু তলাবন্ধৰ ফলত কৃষকে পাচলি খেতিৰ ওচৰেই চাপিব নোৱাৰাত বিঘাই বিঘাই উৎকৃষ্ট মানদণ্ডৰ। পাচলি পথাৰতে  নষ্ট হৈ পৰে। পথাৰতে বুঢ়া হৈ গৈছে তিঁয়হ, জিকা, পানীলাও।

নগাঁও জিলাৰ ধিং, আলিটাঙনী, ডুমডুমীয়া, বালিসত্ৰ, জুৰীয়া, ৰূপহী, চামগুৰি,আমবাগান, নলতলী, শিৱস্থান, ভূৰবন্ধা, বৰঘূলি, বেঙেনাআটি, কৃষ্ণাইখাট, ৰাঙলু, সোণাইবালিকে প্ৰমুখ্য কৰি জিলা খনৰ অন্তৰ্গত বিভিন্ন চৰ চাপৰিৰ হেজাৰ হেজাৰ কৃষকে কে’বাশ হেক্টৰ মাটিত  বিভিন্ন  পাচলিৰ খেতি কৰি স্বাৱলম্বীতাৰ বাট বুলিছিল। কিন্তু এই কৃষক সকলৰ আশাবোৰে ঠণ ধৰিবলৈ নাপাওতেই যোৱা ২৪মাৰ্চত ঘোষিত লকডাউনে তেওঁ লোকৰ সকলো স্বপ্ন ওলট পালট কৰি দিয়ে । এতিয়া কৃষি প্ৰধান জিলা খনৰ চৌদিশে কৃষকৰ হাঁ-হুমুনিয়াহ। এলাগী পথাৰত গেলিছে বিলাহী, হেন্দালিতে বুঢ়া হৈছে জিকা, তিঁয়হ ,লেছেৰা, জাতিলাও, স্কোৱাচ আদি।

জিলা খনৰ ধিং গায়ন গাঁৱৰ যুৱ কৃষক নজমূল হকে কয়,”লকডাউনৰ বাবে বজাৰ বন্ধ হৈ থকাত আমাৰ পাচলি বোৰ তুলি বিক্ৰী কৰিব পৰা নাই। জিকা বোৰ ডাঙৰ হোৱাৰ লগে লগেই তাক হেন্দালিৰ পৰা চিঙি বিক্ৰী কৰিব লাগে । প্ৰতি দুদিনৰ মূৰে মূৰে আমি জিকা চিঙিব লাগে। নহ’লে জিকা বুঢ়া হৈ যায় । এইবাৰ বজাৰ নথকাত মই হেন্দালিতে বুঢ়া হৈ যোৱা ১৫ কুইন্টল জিকা চিঙি পেলাই দিব লগীয়া হও । মোৰ বহুত লোকচান হৈছে। এই অৱস্থা আমাৰ অঞ্চলৰ আন খেতিয়কৰো।”

তেওঁ লগতে কয় যে,”দুদিনৰ পৰা বেপাৰীৰ এখন গাড়ী আহিছে। কিন্তু পাচলিৰ দাম বহুত কমকৈ দিয়ে। পথাৰৰ পৰা পাচলি চিঙি আনি বেপাৰীক পানী দামত বিক্ৰী কৰিবলৈ মন নাযায় যদিও উপায়হীন হৈ বিক্ৰী কৰিছো।জিকা প্ৰতিকেজিত ৪ টকা আৰু বিলাহী প্ৰতি কেজিত ২টকা মূল্যত বেপাৰীক বিক্ৰী কৰিবলৈ বাধ্য হৈছো। বজাৰ যিহেতু বন্ধ, গাড়ী-মটৰ বন্ধ আমি পাচলি ক’লৈ নিম ক’ত বিক্ৰী কৰিম। পথাৰত নষ্ট হোৱাতকৈ পানী দামতেই বিক্ৰী কৰিছো।” একেই দশা হৈছে গাঁও খনৰ আব্দুল ছহিদ আৰু নাছিৰ উদ্দিন প্ৰমুখ্যে কৃষক সকলৰো।

আনহাতে, ধিং অঞ্চলৰে বগৰিগুৰি গাঁৱৰ যুৱ কৃষক মাইনুলে এক বিঘা মাটিত, তেওঁৰ ভায়েক মহিজুলে ডেৰ বিঘা মাটিত, খুড়াক ৰিয়াজ উদ্দিনে দুই বিঘা মাটিত, বৰদেউতাক চামচুদ্দিনে ১বিঘা মাটিত, প্ৰতিৱেশী নজৰুলে এক বিঘা মাটিত পৃথকে পৃথকে বাঁহৰ হেন্দালি দি জিকা খেতি কৰিছিল। মাটি চহ কৰা, বীজ ক্ৰয় কৰা, বাঁহ ক্ৰয় কৰি হেন্দালি দিয়া আদি কামত প্ৰতি জন কৃষকৰে অতি কমেও ২৫-৩০হেজাৰকৈ টকা খৰচ হৈছিল। কিন্তু এই কৃষক সকলৰ হেন্দালিতে জিকা বুঢ়া হৈ নষ্ট হৈ পৰিছে। ঠিক একেদৰে,জিলা খনৰ সুঁতিৰ পাৰৰ কৃষক আব্দুল মান্নান আৰু নাঙলধোৱাৰ কৃষক চুলতান আলীয়েও ১০বিঘা মান মাটিত কবি, পটল, তিয়হ, জিকা, বেঙেনা, জলকীয়া আদিৰ খেতি কৰি পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি চকুলো টুকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইপিনে, জিলা খনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ভূৰবন্ধা বজাৰ গাঁৱৰ কৃষক আব্দুল কাদিৰ আৰু বৰঘূলিৰ কৃষক জহুৰ উদ্দিনেও ৮-১০বিঘাকৈ মাটিত এইবাৰ জলকীয়া, স্কোৱাচ, তিঁয়হ, লেচেৰা,পানীলাও আদিৰ খেতি কৰিছিল যদিও তলাবন্ধৰ বাবে তেওঁ লোকেও পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰিলে। ফলত পথাৰতে নষ্ট হৈছে বিঘাই বিঘাই পাচলি।

ইপিনে, কৃষ্ণাই খাটতো জিতেন বৰা, বোধেন বৰা, বাচা বৰা প্ৰমুখ্যে কৃষক সকলৰ প্ৰায় পাঁচশ বিঘা মাটিৰ কেপছিকাম, জাতিলাও, বিলাহী লকডাউনৰ বাবে বজাৰত বিক্ৰী কৰিব নোৱাৰি কৃষক সকল ভীষণ লোকচানৰ সন্মুখীন হয়। বজাৰ বন্ধ থকা বাবে জিতেন বৰাই কে’বা বিঘা মাটিৰ কেপছিকাম গছতে পকাত সেইবোৰ চিঙি পেলাই দিব লগীয়া হয় বুলি জানিব পৰা গৈছে। কৃষি প্ৰধান জিলা নগাঁৱত এতিয়া চৌদিশে হতাশগ্ৰস্ত কৃষকৰ বিবৰ্ণ মুখ ।

Exit mobile version