প্ৰসংগঃকৰ’না ভাইৰাছ

1 1

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰবাসীসকলৰ ক্ষেত্ৰত  লৈছে এক বিশেষ সিদ্ধান্ত ৷এই সিদ্ধান্ত অনুসৰি আমেৰিকাত প্ৰবাসীসকলৰ প্ৰবেশত ৬০ দিনৰ কাৰণে অস্থায়ীৰূপে প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। অৱশ্যে ইয়াৰ প্ৰভাৱ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নপৰে ।

কাৰণ ছাত্ৰ ছাত্ৰীসকলে প্ৰৱাসী নহয়। তেওঁলোকক নন ইমিগ্ৰেশ্যন বুলি জনা যায় ।বিশেষজ্ঞসকলৰ মতে ছাত্ৰ ছাত্ৰী বা অন্যান্য লোকসকলে আমেৰিকাৰ বিকল্প হিচাপে কানাডা বা অষ্ট্ৰেলিয়ালৈ যাব পাৰে। ইফালে যিসকল লোকে পাৰমেনেন্ট ৰেচিডেন্ট কাৰ্ড বা গ্ৰীণ কাৰ্ডৰ কাৰণে আবেদন কৰিছে তেওঁলোকৰ ওপৰত ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ প্ৰভাৱ পৰিব।

যদি ট্ৰাম্পে বিচাৰে বা ঘোষণাত শেষ বাৰৰ কাৰণে চহী কৰে তেন্তে যিসকলে গ্ৰীণ কাৰ্ডৰ কাৰণে আবেদন কৰিছে তেওঁলোকৰ আবেদন আধাতে বন্ধ হৈ যাব ৷ আৰু যিসকলে কৰা নাই তেওঁলোকৰ বিকল্প হ’ব কানাডা আৰু অষ্ট্ৰেলিয়া ৷আনহাতে টুইটাৰ যোগে ট্ৰাম্পে প্ৰকাশ কৰিছে” আমেৰিকাবাসীৰ কৰ্ম সংস্থাপন ৰক্ষা কৰিবৰ কাৰণে এই নিৰ্দেশিকাত চহী কৰিম ৷ইয়াৰ লগে লগে আমেৰিকাত প্ৰবাসীসকলৰ প্ৰবেশত অস্থায়ীভাবে প্ৰতিবন্ধকতা লাগিব” ৷

অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে অধিক তথ্য সদৰি কৰা নাই। লগতে এই প্ৰতিবন্ধকতা কেতিয়া আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত দেশসমূহৰ কি হ’ব বা আগৰ পৰা আমেৰিকাত থকা সকলৰ ক্ষেত্ৰত কি ভূমিকা ল’ব মাৰ্কিন চৰকাৰে সেয়া এতিয়া স্পষ্টীকৰণ দিয়া হোৱা নাই ।উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ট্ৰাম্পে চীন,ইউৰোপ,কানাডা আৰু মেক্সিকো যাত্ৰা বাতিল কৰিছিল ৷আনহাতে সাম্প্ৰতিক সময়ত আমেৰিকাত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৮,৪৯,০৯২ জন আৰু মৃত্যু হৈছে ৪৭,৬৮১ জন । ইফালে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৮৪,০৫০ জন।

Exit mobile version