ব্যক্তিগত বিদ্যালয়ক এমাহৰ ৫০ শতাংশ মাচুল ৰেহাইৰ নিৰ্দেশ 

himanta 1587224358

ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক মাৰ্চ অথবা এপ্ৰিলৰ মুঠ মাচুলৰ ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে ৷ৰাজ্যৰ ভালেসংখ্যক শিক্ষাবিদৰ স’তে হোৱা আলোচনাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অনুমোদনৰ ভিত্তিত শিক্ষা বিভাগে এই সম্পৰ্কত এ এছ ই ৪৯৮/২০১৫/পাৰ্ট -৪/৩ নম্বৰযোগে এক নিৰ্দেশনা জাৰি কৰে ৷

এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত চলিত শিক্ষাবৰ্ষৰ মাৰ্চ অথবা এপ্ৰিলৰ যিকোনো এমাহত মুঠ মাচুলৰ ৫০ শতাংশ ছাত্ৰ ছাত্ৰীসকলক ৰেহাই দিব লাগিব,কিন্তু এই ৰেহাই নামত কোনো শিক্ষানুষ্ঠানে শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব ।

এই নিৰ্দেশনা উলংঘা কৰা বিদ্যালয়ৰ বিৰুদ্ধে ২০০৫ ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মন্ত্ৰী শৰ্ম লগতে কয় যে এই ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বিদ্যালয়সমূহে প্ৰয়োজনীয় সঁহাৰি জনাইছে ।বিদ্যালয়সমূহে ৫০ শতাংশ মাচুল ৰেহাই দিব ৷এই ৰেহাই মুঠ মাচুলৰ ৫০ শতাংশ বুলি দোহাৰি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীৰ কেৱল টিউচনৰ মাচুলকে ইয়াত সামৰি লোৱা হোৱা নাই।

ছাত্ৰ ছাত্ৰীৰ অনা নিয়াৰ বাবে ব্যৱহাৰ কৰা যানবাহনৰ মাচুলৰ পৰা আৰম্ভ কৰি ক্ৰীড়া,পুথিভঁৰাল আদিকে সামৰি প্ৰতিমাহে আদায় দিবলগীয়া মুঠ মাচুলৰ ৫০ শতাংশ বুলি কোৱা হৈছে ৷অৱশ্যে ইয়াৰ সুযোগত ৰাজ্য চৰকাৰৰ অনুমোদন অবিহনে ব্যক্তিগত খণ্ডৰ কোনো শিক্ষানুষ্ঠানে ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি কৰিব নোৱাৰিব ৷ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনালৈ ভালেসংখ্যক ব্যক্তিগত বিদ্যালয়ে সঁহাৰি জনোৱাৰ লগতে বহু বিদ্যালয়ে অসম আৰোগ্য নিধিলৈ সাহাৰ্য আগবাঢ়োৱা বুলি সদৰি কৰে মন্ত্ৰী ড° শৰ্মাই ।

ইপিনে চলিত বৰ্ষৰ ১৬ মাৰ্চৰ পৰা কৰ’না ভাইৰাছৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ আছে ৷তলাবন্ধ শিথিল হ’লেও পাঠদান কেতিয়াৰ পৰা আৰম্ভ হ’ব সেয়া কোৱা টান ৷তৎস্বত্বেও অহা ৩০ মে’ৰ পাছত পাঠদান প্ৰক্ৰিয়া যদি পুনৰ আৰম্ভ হয় তেতিয়া চলিত বৰ্ষত ৫২ দিন ক্ষতি হ’ব ছাত্ৰ ছাত্ৰীসকলৰ ৷এই ক্ষতিৰ মোকাবিলাৰ বাবে আগন্তুক সময়ছোৱাত ঘোষিত বন্ধৰ দিন হ্ৰাস কৰাৰ লগতে শনিবৰীয়া শ্ৰেণীসমূহৰ অৰ্ধচুটী বাতিল আৰু গৰমৰ বন্ধ হ্ৰাস কৰিবলগীয়া হ’ব পাৰে ।ইয়াৰ কাৰণে ৰাজ্যৰ সৰ্বস্তৰৰ শিক্ষক শিক্ষয়িত্ৰীসকল সাজু ৷

Exit mobile version