সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত নিশা উত্তেজনাপূৰ্ণ পৰিস্থিতি 

Sarusajai quarantine centre

প্ৰয়োজনীয় ঔষধ নোপোৱালৈকে লৈও সৰৱ কোৱাৰেণ্টাইনত থকা লোকৰ ঘটনাস্থলীত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাৰ অভিযোগ অস্বীকাৰ,

প্ৰয়োজনত সৰুসজাই কেন্দ্ৰক অস্থায়ী কাৰাগৰ ঘোষণাৰ সকীয়নি 

ক’ভিড-১৯ত আক্ৰান্তৰ সন্দেহ ওপজা লোকক ৰাখিবলৈ মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত স্থাপন কৰা কেন্দ্ৰত যোৱা নিশা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কোৱাৰেণ্টাইনত  থকা একাংশ লোকে তেওঁলোকক অপ্ৰয়োজনীয়ভাবে আবদ্ধ কৰি থোৱা অস্বাস্থ্যকৰ পৰিবেশত ৰখা, প্ৰয়োজনীয় ঔষধ যোগান নধৰা আদি অভিযোগ উক্ষাপন কৰি কেন্দ্ৰৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া কেন্দ্ৰটোত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হবলৈ বাধ্য হয়। মন্ত্ৰী ডঃ শৰ্মাই লোক সকলৰ অভিযোগ নাকচ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে কোৱাৰেন্টাইন কেন্দ্ৰটোক অস্থায়ী কাৰাগৰ কৰিব বুলি সকীয়াই দিয়ে। অৱশ্যে চিকিৎসকৰ অনুমতি সাপেক্ষে একাংশ লোকে ৰমজানৰ পূৰ্বে ঘৰলৈ যাব পাৰিব বুলি মন্ত্ৰীজনে আশ্বাস দিয়ে।

উল্লেখ্য যে সৰুসজাইৰ কেন্দ্ৰটোত কমেও ১২৮ জন লোকক ৰখা হৈছে। নিশা তাৰে একাংশ লোকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত অনশনত বহে। নিশাৰ খাদ্য গ্ৰহণ নকৰাৰ উপৰিও পুৱাৰ খাদ্যও সংশ্লিষ্ট লোকসকলে বৰ্জন কৰে। আন একাংশ লোকে কোৱাৰেণ্টাইন কেন্দ্ৰৰ অৱস্থাক লৈও অভিযোগ কৰে। তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰটোত থকা লোকৰ বাবে ১২টা শৌচ-প্ৰস্ৰাৱগাৰ আছে যদিও ইমানবোৰ লোকে আঠটাহে ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে। বাকীকেইটা লেতেৰা পৰিৱেশৰ বাবে মুঠেই ব্যৱহাৰ কৰিব নোৱাৰি। ইপিনে, নিশা মহৰ প্ৰকোপত কোনো লোক শুব নোৱাৰে। একাংশ লোকে পুনৰ অভিযোগ কৰে যে কেন্দ্ৰটোত ৰখা কেবাজনো লোক মধুমেহকে ধৰি কেবাটাও বিভিন্ন ৰোগত আক্ৰান্ত। তাৰ বাবে প্ৰয়োজনীয় ঔষধ বিচাৰিলেও তেওঁলোকে সঁহাৰি পোৱা নাই।

নিশা সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সৰুসজাইত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  কয় যে যদি মানুহবোৰৰ কিবা অসুবিধা হৈছে সেয়া তৎকালে আঁতৰোৱা হ’ব। কিন্তু দাবী উত্থাপন কৰিলেই কোনো মানুহক কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ যাবলৈ দিয়া নহয়। তেনে ক্ষেত্ৰত যোৱা নিশাৰ দৰে যদি পুনৰ একে পৰিৱেশৰ সৃষ্টি হয় কোৱাৰেণ্টাইন কেন্দ্ৰটোক অস্থায়ী কাৰাগাৰৰূপে ঘোষণা কৰা হ’ব। তদুপৰি ড° শৰ্মাই কয় যে, ‘তবলিগি জামাত আৰু কৰ’নাত আক্ৰান্তৰ লগত যিসকল প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছিল তেওঁলোক এতিয়াই ইয়াৰ পৰা যাব নোৱাৰিব। কিন্তু যিসকল প্ৰত্যক্ষ সম্পৰ্কলৈ অহা নাছিল তেওঁলোক হয়তো সোনকালে বিশেষকৈ ৰমজানৰ আগে আগে যাব পাৰিব। অৱশ্যে সেয়াও নিৰ্ভৰ কৰিব চিকিৎসকৰ অনুমতিৰ ওপৰতহে।’ তদুপৰি মন্ত্ৰীজনে কয় যে চিকিৎসকৰ অনুমতি অবিহনে যাবলৈ দিয়াসকল নিজেই সমাজত অস্বস্তিত পৰাই নহয় পিতৃ মাতৃৰ বাবেও বিপদ মাতি আনিব। অপ্ৰয়োজনত কোনো লোকক চৰকাৰী ধন খৰচ কৰি ৰাখি থোৱা নহয় বুলিও ড° শৰ্মাই কয়।

Exit mobile version