দীঘলীয়া হ’ব কৰ’নাৰ আয়ুস : তলাবন্ধ খুলিলে বিপজ্জনক হ’ব পাৰে

h 54345257 e1533023643407

epa06747281 Tedros Adhanom Ghebreyesus, director general of the World Health Organization (WHO), attends a press conference at the European headquarters of the United Nations in Geneva, Switzerland, 18 May 2018. The WHO Director-General answered questions ahead of the World Health Assembly and following the meeting of an International Health Regulations Emergency Committee on Ebola in the Democratic Republic of the Congo. EPA-EFE/VALENTIN FLAURAUD

দীঘলীয়া সময়ৰ বাবে বিশ্বলৈ আহিছে ক’ভিড-১৯ৰ মাৰাত্মক বীজাণু | সোনকালে আৰু সহজে ই বিদায় লোৱাৰ সম্ভাৱনা নাই | দীৰ্ঘদিন ধৰি কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি বাচি থৈকিব লাগিব | পুনৰ এনে আশংকাবাণী শুনালে বিশ্ব স্বাস্থ্য সংস্থাই | সংস্থাটো মতে বিশ্বব্যাপী তলাবন্ধৰ ফলত বহু দেশত সংক্ৰমণৰ গতি হ্ৰাস হৈছে ; কিন্তু আত্মতুষ্টিৰ এয়া সময় নহয় | তলাবন্ধ খুলিলে পুনৰ বিপজ্জনক পৰ্যায়লৈ যাব পাৰে সংক্ৰমণৰ গতি | বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ট্ৰেড’ছ আধান’ম গেব্ৰিয়েছাছে বৃহস্পতিবাৰে সকীয়াই দিলে যে ক’ভিড-১৯ বিশ্বত দীঘলীয়া সময় থাকিব | লগতে সকীয়নি দিয়ে যে অধিকাংশ ৰাষ্ট্ৰই এই অতিমাৰীৰ মোকাবিলাৰ প্ৰাৰম্ভিক পৰ্যায়ত আছে |
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে কয় যে যিসমূহ দেশে কৰ’না ভাইৰাছ নিয়ন্ত্ৰণাধীন হৈছে বুলি ভাবিছিল যদিও এনে দেশসমূহত পুনৰ ই উদ্ভৱ হৈছে | তদুপৰি আমেৰিকা আৰু আফ্ৰিকাৰ দৰে দেশত উদ্বেগজনক গতিত বাঢ়িছে কৰ’না | আমেৰিকাৰ দৰে দেশে এই মাৰাত্মক ৰোগৰ মোকাবিলা ক্ষেত্ৰত সংস্থা ব্যৰ্থ হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে | “পশ্চিম ইউৰোপত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে অথবা সুস্থিৰ হৈ আছে | এই পৰ্যন্ত সংখ্যাত কম হলেও আমি আফ্ৰিকা, কেন্দ্ৰীয়  আৰু দক্ষিণ আমেৰিকা আৰু পূৰ্বোত্তৰ ইউৰোপত উদ্বেগজনক প্ৰৱণতা পৰিলক্ষিত কৰিছো | বহু দেশেই এতিয়াও আৰম্ভণি পৰ্যায়তে আছে | আন বহু আক্ৰান্ত দেশত এই মাৰাত্মক বীজাণুৰ পুনৰ সংক্ৰমণ আৰম্ভ হৈছে | কোনো ভুল নকৰিব | আমি এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিবলৈ আছে | এই ভাইৰাছ আমাৰ স’তে দীঘলীয়া সময় থাকিব |’
ইপিনে,  তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই যোৱা তিনি জানুৱাৰীতে সঠিক সময়ত দেশসমূহক প্ৰস্তুত হ’বলৈ আৰু পৰিকল্পনা ৰচিবলৈ বিশ্বজোৰা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল | বিশ্বই প্ৰস্তুতিৰ বাবে বহু সময় পাইছিল বুলি তেওঁ দাবী কৰে | খৰখেদাকৈ তলাবন্ধ প্ৰত্যাহাৰ কৰিবলৈ যো-জা কৰা কৰ’না আক্ৰান্ত দেশসমূহক পূৰ্বতে সকীয়াই দিছিল সংস্থাটোৱে | এইবাৰ পুনৰ বিপজ্জনক ইংগিত দিলে | ট্ৰেড’ছৰ মতে সামাজিক দূৰত্বৰ বিধিয়েহে ফলাফল দিছে আৰু সংক্ৰমণ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে | সেই বুলি সামাজিক দূৰত্ব পাহৰি গলে নহ’ব | “সপ্তাহৰ পাছত সপ্তাহ ঘৰত থাকিবলগীয়া হৈছে |  ইয়াত বহু মানুহ স্বাভাৱিকতে বিৰক্ত হৈছে | তেওঁলোকে উপাৰ্জনৰ বাবে ঘৰৰ বাহিৰলৈ যাব বিচাৰিছে ; কিন্তু এই মূহুৰ্তত পৃথিৱী আৰু আগৰ পৰিস্থিতিলৈ উভতি যাব নোৱাৰিব | এই নতুন পৰিস্থিতিত স্বাভাৱিক বুলি ভাবি লৈ আগুৱাব লাগিব |’ ট্ৰেড’ছে কয়|
মনকৰিবলগীয়া যে ভাৰতত অহা তিনি মে’ত তলাবন্ধ প্ৰত্যাহাৰ হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে | অৱশ্যে দেশৰ পৰিস্থিতিৰ ওপৰত এই বিষয়টো নিৰ্ভৰ কৰিছে | এই সময়ত মেডিকেল জাৰ্ণেল লেনছেটৰ মুখ্য সম্পাদক ৰিচাৰ্ড হৰ্টনে সকীয়াই দিয়ে যে ভাৰতে এতিয়াই তলাবন্ধ প্ৰত্যাহাৰ কৰা উচিত নহয় | অন্ততঃ কমেও একেৰাহে ১০ সপ্তাহ তলাবন্ধ থকা উচিত | নহ’লে নতুনকৈ সংক্ৰমণ বিয়পিলে চম্ভলাটো প্ৰত্যাহ্বানৰ বিষয় হ’ব |
Exit mobile version