স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

EWCSHS2WAAII8ez

০ প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত ৰেপিড টেষ্ট কিটত দ্বাৰা পৰীক্ষা আৰম্ভ।

০ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ৰেপিড টেষ্ট কিটত দ্বাৰা ৯১ টা পৰীক্ষা সম্পন্ন |

০ পৰীক্ষাত সকলো নিগেটিভ আহিছে।

০ আন্তঃজিলাৰ একমুখী  যাত্ৰা  বাবে চৰকাৰৰ স’তে বহু লোকে যোগাযোগ কৰিছে।

০ নিজা বাহনেৰে যাবলগীয়া ৫১ হেজাৰ ৪০২ জনৰ অনুৰোধ পাইছে  প্ৰশাসনে|

০ ২৫ এপ্ৰিলৰ বাবে ১২ হেজাৰ ৪০৬ খন পাছ গ্ৰহণ কৰা হৈছে। আৰু ২৬ আৰু ২৭ এপ্ৰিলৰ বাবে ১৯ হেজাৰ পাছ  ঠিক কৰি থকা হৈছে।

০ ১৯ হেজাৰ ৭৪৫খন পাছ কেনচেল কৰা হৈছে।

০ ১০৪ জৰিয়তে যোগাযোগ কৰা বাহন নথকা ৪১ হেজাৰ ৬৫১ জন  লোকৰ বাবে এতিয়ালৈকে চৰকাৰে ব্যৱস্থা কৰিছে।

০  এই লোকসকলৰ ম’বাইলত যাত্ৰাৰ সম্পৰ্কত মেছেজ যাব |

০ এই সকলৰ যাত্ৰীৰ যাত্ৰায়তৰ ক্ষেত্ৰত  ৩০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ চিটিবাছ  আৰু ১০০ খন  উবেৰ চলিব।

০ এই বাহন সমূহ ব্যৱহাৰ কৰি লোকসকলক চৰকাৰে যোগান ধৰা বাছত উঠিবৰ বাবে যাব পাৰিব ।

০ তিনিওটা দিনৰ বাবে চলিব এই এএছটিচি চিটিবাছ আৰু উবেৰ।

০ মহানগৰীৰ পাঁচটা  স্থানৰ পৰা নিদিষ্ট স্থানলৈ বাছকেইখন চলিব।

০ সকলো লোকৰ বাবে এই সুবিধা  হ’বনে নাই সময়তহে গম পোৱা যাব।

০ এই যাত্ৰা বিনামূলীয়া হ’ব|

Exit mobile version