ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ

IMG 20200424 WA0004

দেশজুৰি অব্যাহত থকা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানৰ কোটাত  আৱদ্ধ হৈ থকা অসমৰ  ৩৫০ জনতকৈ অধিক শিক্ষাৰ্থী স’তে বৃস্পতিবাৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  ভিডিঅ’ কনফাৰেঞ্চিং বাৰ্তালাপ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় | মন্ত্ৰীজনে ৰাজ্য  চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি তেওঁলোকক নিশ্চয়তা প্ৰদান কৰে ৷ উল্লেখ্য যে বৃস্পতিবাৰৰ এই ভিডিঅ’ কনফাৰেঞ্চিং  বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাৰ উপৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ  সমীৰ সিনহা, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ( আইন-শৃংখলা)  জি. পি. সিং আৰু শিক্ষা বিভাগৰ প্ৰধান সচিৱ  কল্যাণ চক্ৰৱৰ্তীয়ে অংশ লয় |

Exit mobile version