০ প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত ৰেপিড টেষ্ট কিটত দ্বাৰা পৰীক্ষা আৰম্ভ।
০ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ৰেপিড টেষ্ট কিটত দ্বাৰা ৯১ টা পৰীক্ষা সম্পন্ন |
০ পৰীক্ষাত সকলো নিগেটিভ আহিছে।
০ আন্তঃজিলাৰ একমুখী যাত্ৰা বাবে চৰকাৰৰ স’তে বহু লোকে যোগাযোগ কৰিছে।
০ নিজা বাহনেৰে যাবলগীয়া ৫১ হেজাৰ ৪০২ জনৰ অনুৰোধ পাইছে প্ৰশাসনে|
০ ২৫ এপ্ৰিলৰ বাবে ১২ হেজাৰ ৪০৬ খন পাছ গ্ৰহণ কৰা হৈছে। আৰু ২৬ আৰু ২৭ এপ্ৰিলৰ বাবে ১৯ হেজাৰ পাছ ঠিক কৰি থকা হৈছে।
০ ১৯ হেজাৰ ৭৪৫খন পাছ কেনচেল কৰা হৈছে।
০ ১০৪ জৰিয়তে যোগাযোগ কৰা বাহন নথকা ৪১ হেজাৰ ৬৫১ জন লোকৰ বাবে এতিয়ালৈকে চৰকাৰে ব্যৱস্থা কৰিছে।
০ এই লোকসকলৰ ম’বাইলত যাত্ৰাৰ সম্পৰ্কত মেছেজ যাব |
০ এই সকলৰ যাত্ৰীৰ যাত্ৰায়তৰ ক্ষেত্ৰত ৩০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ চিটিবাছ আৰু ১০০ খন উবেৰ চলিব।
০ এই বাহন সমূহ ব্যৱহাৰ কৰি লোকসকলক চৰকাৰে যোগান ধৰা বাছত উঠিবৰ বাবে যাব পাৰিব ।
০ তিনিওটা দিনৰ বাবে চলিব এই এএছটিচি চিটিবাছ আৰু উবেৰ।
০ মহানগৰীৰ পাঁচটা স্থানৰ পৰা নিদিষ্ট স্থানলৈ বাছকেইখন চলিব।
০ সকলো লোকৰ বাবে এই সুবিধা হ’বনে নাই সময়তহে গম পোৱা যাব।
০ এই যাত্ৰা বিনামূলীয়া হ’ব|