কৰ’নাক জয় কৰিলে এমহীয়া নৱজাতকে 

baby corona
ন’ভেল কৰ’না ভাইৰাছৰ কবলত বিশ্বত দৈনিক মৃত্যু হৈছে হেজাৰ হেজাৰ লোকৰ ।এই অতিমাৰীয়ে বিশ্বত ২৬লাখৰ অধিক লোকক আক্ৰান্ত কৰাৰ লগতে এক লক্ষ ৮৪ হেজাৰৰ প্ৰাণ লৈছে ।ইতিমধ্যে কে’বাজনো শতায়ু গৰকা লোক ক’ভিড -১৯ ৰ পৰা আৰোগ্য হোৱাৰ তথ্য পোহৰলৈ আহিছে ।এইবাৰ কৰ’নাক জয় কৰি সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিল এটি এমহীয়া নৱজাতক।
ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে জনোৱা মতে ,জন্মৰ পাছতে ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল থাইলেণ্ডৰ এই নৱজাত শিশু।শিশুটিৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব নে নাই তাকে লৈ সংশয়ৰ সৃষ্টি হৈছিল চিকিৎসকসকলৰ মাজত ।কিন্তু বিশ্বৰ সবাতোকৈ কম বয়সীয়াৰূপে অতিমাৰী কৰ’নাক পৰাজিত কৰাৰ বাবে এই এমহীয়া শিশুটিৰ নামেই অভিলেখৰ বহীত সন্নিবিষ্ট হৈছে ।
শিশুটিক ইতিমধ্যে হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ।এই নৱজাতকৰ চিকিৎসা কৰা শিশুৰোগ বিশেষজ্ঞ বিশাল মুলাছাৰটে জনাইছে যে অতিমাৰী কৰ’নাৰ পৰা আৰোগ্য কৰি তুলিবলৈ সেই শিশুটিৰ বাবে তেওঁ চাৰিটা এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিছিল ।শিশুটিৰ চিকিৎসাৰ বাবে ব্যৱহৃত কৌশলটো আছিল ১০দিন ঔষধ দিয়া।প্ৰতিদিনে শিশুটিৰ স্বাস্থ্য পৰীক্ষা তেওঁলোকে কৰিছে ।ঔষধ দিয়াৰ তিনিৰ পৰা পাঁচদিনৰ পাছত শিশুটিৰ এক্স -ৰে’ কৰোতে লাহে লাহে সুস্থ হৈ অহাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে ।উল্লেখ্য যে থাইলেণ্ডত এই পৰ্যন্ত দুহেজাৰ  ৮২৬জন ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ।
Exit mobile version