বিটিআৰত ৰাজ্যপাল  শাসনৰ দাবী  ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

Ranjit Das
বিশ্বজুৰি ক’ভিড-১৯ ভাইৰাছৰ অব্যাহত থকা ত্ৰাস  আৰু এই মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বিটিএডিত  সদ্যঘোষিত নিৰ্বাচনৰ দিন বাতিল হোৱাত বিটিআৰত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ দাবী তুলিছে  ৰাজ্যিক বিজেপিৰ  সভাপতি ৰঞ্জিত দাসে।শণিবাৰে সাংবাদিক আগত এই কথা উল্লেখ কৰি  দাসে বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনায়।
তেওঁ কয় যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ফলত বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ হাতলৈ নিব লাগে। নিৰ্বাচন ঘোষণা নোহোৱা সাধাৰণ অৱস্থাত বিটিচিৰ কাৰ্যকাল সম্প্ৰসাৰণৰ সাংবিধানিক ব্যৱস্থা থাকে যদিও বিটিচিত ইতিমধ্যেই নিৰ্বাচন ঘোষণা কৰা হোৱাৰ পৰিপ্ৰেক্ষিতত তথা ক’ৰণা মহামাৰীৰ কাৰণে তাৎক্ষণিকভাৱে উদ্ভৱ হোৱা এই পৰিৱেশ-পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ।
সেয়েহে বিটিচিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত  শাসনভাৰ  ৰাজ্যপালক গতাব লাগে | আনকি তেওঁ নিজেও এই সংক্ৰান্তত ৰাজ্যপালক আহ্বান জনায়। উল্লেখ্য যে এই নিৰ্বাচন সন্দৰ্ভত চলিত বৰ্ষৰ ১৬ এপ্ৰিলত ৰাজ্যিক বিজেপিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি বিটিএডিৰ শাসনভাৰ ৰাজ্যপালে লবলৈ  দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।
Exit mobile version