বৰ্ষাত আৰম্ভ হ’ব কৰ’নাৰ দ্বিতীয় ইনিংছ

CORONA12
গৰমৰ সময়ত ন’ভেল কৰ’না ভাইৰাছৰ প্ৰকোপ কমিব বুলি বহুতে আশাৰে বাট চাই আছে ।কিন্ত গৰমতো এই ভাইৰাছৰ শক্তি ক্ষয় হোৱাৰ সম্ভাৱনা নাই বুলি একাংশ বিশেষজ্ঞই ইতিমধ্যে মতপ্ৰকাশ কৰিছিল।এইবাৰ ভাৰতৰে একাংশ বিজ্ঞানীয়ে আশংকা প্ৰকাশ কৰিছে যে বৰ্ষাত পুনৰ বাঢ়িব পাৰে কৰ’নাৰ সংক্ৰমণ।দ্বিতীয় দফাত ভাৰতত প্ৰভাৱ বৃদ্ধি কৰি অধিক শক্তিশালী হৈ উঠিব পাৰে এই মাৰাত্মক ভাইৰাছ ।জুলাইৰ পৰা আগষ্টলৈ এই সংক্ৰমণৰ মাত্ৰা ভয়াবহভাৱে বৃদ্ধি পাব পাৰে বুলি বিজ্ঞানী সকলে আশংকা কৰিছে ।
উত্তৰ প্ৰদেশৰ শিৱ নদৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সমিত ভট্টাচাৰ্য ই কয়,’জুলাইৰ পৰা আগষ্টৰ ভিতৰতে বাঢ়িব পাৰে সংক্ৰমণৰ মাত্ৰা।ফলত সেই সময়ত দেশত পুনৰ ভাইৰাছৰ সংক্ৰমণে মহামাৰীৰ আকাৰ ল’ব পাৰে ।আনহাতে,এই সংক্ৰমণকে ধৰা হ’ব দ্বিতীয় অধ্যায়ৰূপে ।’বাংগালুৰুৰ আই আই এছ চি ৰ অধ্যক্ষ ৰাজেশ সুন্দৰেছনেও বিজ্ঞানী ভট্টাচাৰ্যৰ স’তে সহমত পোষণ কৰিছে।তেওঁ এই প্ৰসংগত কয়,’দেশৰ পৰা একেবাৰে তলাবন্ধ প্রত্যহাৰ হ’লে সকলোৱে পুনৰ পুৰণি ছন্দৰে জীৱন আৰম্ভ কৰিবলৈ বিচাৰিব।ফলত সেই সময়ত যদি কাৰোবাৰ গাত কৰ’না ভাইৰাছ থাকে ,তেন্তে নতুনকৈ সংক্ৰমণ বিয়পি পৰিব আৰু সেই সময়তে সংক্ৰমণৰ আশংকা সবাতোকৈ বেছি হ’ব।
চীনত দেখা গৈছে যে যিসকল সুস্থ হৈ উঠিছে ,তেওঁলোক ঘৰলৈ উভতি যোৱাৰ পাছতো তেওঁলোকৰ শৰীৰত নতুনকৈ সংক্ৰমণ দেখা গৈছে ।সেয়ে পুনৰ তেওঁলোকৰ শৰীৰত নতুনকৈ সংক্ৰমণ দেখা গৈছে ।সেয়ে তেওঁলোকৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।উল্লেখ্য যে একেৰাহে চলি থকা তলাবন্ধৰ প্ৰকোপত মানুহৰ মাজত ক্ৰমাৎ ক্ষোভ বাঢ়িবলৈ ধৰিছে ।বহুতেই চাকৰি হেৰুওৱাত বৃদ্ধি পাইছে নিবনুৱা সমস্যা।ফলত এবাৰ তলাবন্ধ প্রত্যহাৰ কৰিলে মানুহে কিমান দিনলৈ নিজক গৃহবন্দী কৰি ৰাখিব পাৰিব বা সচেতনতা বৰ্তাই ৰাখিব পাৰিব ,তাক লৈ সন্দেহ  আছে ।আনহাতে,বৰ্ষাকালৰ সিক্ত বায়ুত ভৰ কৰি কৰ’না আৰু অধিক আক্ৰমণাত্মক হৈ উঠিলে দেশ সকলোফালৰ পৰাই ক্ষতিগ্ৰস্ত হ’ব বুলিয়ে চিকিৎসকসকলে মত প্ৰকাশ কৰিছে ।
Exit mobile version