মুখ্যমন্ত্ৰী সোনোৱালৰ উচ্চ ক্ষমতা সম্পন্ন বৈঠক

IMG 20200418 WA0079
কৰ’না ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত অচিন ৰোগত আক্ৰান্ত হৈছে শতাধিক গাহৰি ৷ সেয়েহে ৰাজ্যৰ পশু পালন বিভাগে অনিৰ্দিষ্ট কাললৈ গাহৰি মাংসৰ কিনা বেচা বন্ধ কৰিছে । এই পৰ্যন্ত যোৰহাট,ডিব্ৰুগড়,ধেমাজী,শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ১৯৬৪ টা গাহৰিৰ অচিন ৰোগত মৃত্যু হৈছে ।
ইয়াৰ ভিতৰত সৰ্বাধিক গাহৰিৰ মৃত্যু হৈছে শিৱসাগৰত ৷ইফালে এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত পশু পালন বিভাগৰ শীৰ্ষ আমোলা বিষয়া তথা পশু চিকিৎসকৰ উপস্থিতিত উচ্চ ক্ষমতা সম্পন্ন বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত ৰাজ্যত অনিৰ্দিষ্ট কাললৈ গাহৰি কিনা বেচা বন্ধ কৰা হয় ।এই কথা সদৰি কৰে পশু পালন মন্ত্ৰী অতুল বৰাই।
Exit mobile version