ৰাজ্যৰ উদীয়মান খেলুৱৈ আৰু  অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ স’তে মুখ্যমন্ত্ৰীৰ মত বিনিময়

দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে শনিবাৰে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ উদীয়মান খেলুৱৈ আৰু  অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ স’তে এক মত বিনিময় অনুষ্ঠানত অংশ লয় | ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ বাতিল নাইবা পিছুৱাই দিয়াত ৰাজ্যৰ খেলুৱৈসকলৰ যথেষ্ট ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰি তলাবন্ধৰ সময়ছোৱাত খেলুৱৈসকলে নিজকে কেনেদৰে প্ৰস্তুত কৰিছে, সেই বিষয়ত মত বিনিময় কৰা বুলি উল্লেখ কৰে ।
তেওঁ কয় যে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ তেওঁলোকক অৱগত কৰিলোঁ। লগতে, এই প্ৰতিকূল সময়তো যাতে খেলুৱৈসকলে আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে প্ৰস্তুতি চলাই যাব পাৰে, তাৰ বাবে সকলোধৰণৰ সহায়ৰ আশ্বাস দিওঁ। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীজনে খেলুৱৈসকলক নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰি নিজকে সুস্থ-সবল কৰি ৰখাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই  ৰাখিবলৈ  আহ্বান জনায়।
Exit mobile version