তলাবন্ধৰ সময়ত গৃহবন্দী ৰাইজে সময় পাৰ কৰিছে বাতৰি কাকত পঢ়ি

download 1
বিশ্বজুৰি কৰ’না ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সুযোগ লৈ একাংশই বাতৰি কাকতে বীজাণু কঢ়িয়াই বুলি অপপ্ৰচাৰ কৰি উঠি পৰি লাগে । বিশ্ব স্বাস্থ্য সংস্থাই এয়া সম্পূৰ্ণ ভুৱা আৰু বাতৰি কাকত কাকতৰ পৰা কোনো ভাইৰাছ নিবিয়পে বুলি স্পষ্ট কৰি দিয়ে ৷ ঠিক এনে সময়তে বাতৰি কাকতলৈ সুখবৰ কঢ়িয়াই আনি শেহতীয়া সমীক্ষাত প্ৰকাশ পায় যে তলাবন্ধৰ সময়ছোৱাত গৃহবন্দী ৰাইজে সৰ্বাধিক সময় পাৰ কৰিছে বাতৰি কাকত পঢ়ি ।পূৰ্বতে সময়ৰ আগত দৌৰিব বিচৰা ব্যস্ততম জীৱনৰ কোলাহলত বহুতে ইচ্ছা কৰিলেও কাকতখন হাতত নিয়াৰিকৈ পঢ়িবলৈ সময়ৰ অভাৱ ঘটিছিল ৷ এতিয়া গৃহবন্দী মানুহৰ হাতত অফুৰন্ত সময় ৷
এই সময়ছোৱাত দেখা গৈছে যে বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য আৰু পৰীক্ষিত তথ্যৰ বাবে মানুহে হাবাথুৰি খাইছে । কি সচাঁ কি মিছা এই কথা জানিবলৈ মানুহে সেয়েহে মানুহে কাকতৰ ওপৰতে ভৰসা কৰিছে। এই পৰিস্থিতিত গৃহবন্দী ৰাইজে সৰহসংখ্যক সময় বাতৰি কাকতত ন্যস্ত কৰিবলৈ লৈছে ৷ সমীক্ষা অনুসৰি গড় অনুসৰি প্ৰতিদিনে এজন মানুহে সাধাৰণতে ব্যয় কৰা সময়তকৈ বৰ্তমান কমেও ২২ মিনিট অতিৰিক্ত সময় তেওঁলোকৰ হাতত থকা কাকতখন পঢ়িবলৈ ব্যয় কৰিছে ৷
এভেন্স ফিল্ড এণ্ড ব্ৰেণ্ড ছলিউশ্যন নামৰ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি কমেও এঘন্টা এতিয়া এজন মানুহ কাকত পঢ়িবলৈ খৰচ কৰে । তলাবন্ধৰ পূৰ্বে এজন মানুহে গড়ে বাতৰি কাকত অধ্যয়নৰ কাৰণে অতিবাহিত কৰিছিল ৩৮ মিনিট সময় ৷এনে সমীক্ষাৰ সময়ত সাক্ষাৎকাৰ গ্ৰহণ কৰা কমেও ৪০ শতাংশই কয় যে সম্প্ৰতি তেওঁলোকে এঘন্টাতকৈ অধিক সময় কাকতখন পঢ়ে। ইয়াৰ পূৰ্বে মাত্ৰ ১৬ শতাংশ লোকেহে এঘন্টা সময় কাকত অধ্যয়নত ব্যয় কৰিছিল ৷ আনকি ৩০ মিনিটৰ অধিক বাতৰি কাকত পঢ়া লোকৰ সংখ্যা সম্প্ৰতি ৪২ শতাংশৰ পৰা ৭২ শতাংশ। তদুপৰি এই ৭২ শতাংশই এবাৰ নহয় কেইবাবাৰো প্ৰতিটো শিতানত অধিক সময় খৰচ কৰি বাতৰি কাকতখন পঢ়ে। এই সমীক্ষাৰ উদ্ধাৰৰ তথ্য অনুসৰি প্ৰত্যাহ্বানৰ এই সময়ছোৱাত পাঠক আৰু কাকতৰ মাজত সম্পৰ্ক অধিক গভীৰ আৰু ব্যাপক হৈছে ৷সমীক্ষাটোত কোৱা হৈছে বাতৰি কাকত এক অত্যাৱশ্যকীয় সেৱা আৰু ই তথ্যৰ ক্ষেত্ৰত সৰ্বাধিক নিৰ্ভৰযোগ্য উৎস ৷
Exit mobile version