দেওবাৰৰ দিনটোত মহানগৰীৰ শিশু গৃহ, বৃদ্ধাৱাস, নাৰী গৃহত মুখ্যমন্ত্ৰী সোণোৱাল

IMG 20200426 WA0012

দেশজুৰি অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহানগৰীৰ শিশু গৃহ, বৃদ্ধাৱাস,নাৰী গৃহত উপস্থিত হৈ সকলোৰে লগত মত-বিনিময় কৰি সকলোৰে মংগল কামনা কৰে | দিনটোৰ পুৱাই মুখ্যমন্ত্ৰীজনে জালুকবাৰীস্থিত ৰাজ্যিক নাৰী গৃহত উপস্থিত হৈ আৱাসীসকলৰ  স’তে মত-বিনিময় কৰি তলাবন্ধত  অধ্যয়ন আৰু প্ৰশিক্ষণ সন্দৰ্ভত বুজ লয় | ইয়াৰ পাছতে মুখ্যমন্ত্ৰীজন জালুকবাৰীৰ অসম শিশু কল্যাণ সদনৰ কণমানিহঁতৰ স’তে সময় অতিবাহিত কৰি  মংগল কামনা কৰি পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

হাতীগাঁৱস্থিত মাদাৰ বৃদ্ধাৱাসৰ আইতাসকল মাজত মুখ্যমন্ত্ৰীজন উপস্থিত হৈ কয় যে স্নেহভৰা সান্নিধ্যই আজিৰ দিনটো সজীৱ কৰি তুলিলে। শ্ৰদ্ধা, যত্ন আৰু আদৰেৰে আমি সদায়েই বয়োজ্যেষ্ঠ তথা বিশেষকৈ অৱহেলিতসকলৰ কাষত থিয় দি আহিছোঁ। অসমৰ ৰাইজৰ প্ৰতি যাতে সমৰ্পিতভাবেৰে সেৱা আগবঢ়াই যাব পাৰোঁ, তাৰ বাবে আইতাসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। তেওঁলোকৰ মনোবল আৰু দৃঢ় সংকল্পই মোক শক্তি আৰু অনুপ্ৰেৰণা যোগাইছে । আইতাসকলৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰিছোঁ।প্ৰতিটো মুহূৰ্তত, প্ৰতিগৰাকী নাগৰিকৰ বাবেই আমি যত্নসহকাৰে কাম কৰি আছোঁ ।

Exit mobile version