০ সাম্প্ৰতিক পৰিস্থিতিৰ ৰাজ্যৰ ব্যক্তিগত ছাত্ৰাবাস, পি.জি.,ভাড়াঘৰত থকা শিক্ষাৰ্থীসকলৰ এপ্ৰিল মাহৰ মাচুল ৫০ শতাংশ ৰেহাই দিবলৈ স্বত্বাধিকাৰীসকলক জনালে আহ্বান |
০ ব্যক্তিগত খণ্ডৰ কোম্পানীত চাকৰি কৰা ভাড়াঘৰত থকা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ ভাড়াৰ ক্ষেত্ৰত কিছু ৰেহাই দিবলৈ আহ্বান |
০ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ মুঠ ৩৫ জনৰ ২৭ জন সুস্থ হৈ ঘৰলৈ গৈছে |
০ সাত জন এতিয়াও চিকিৎসাধীন |
০ৰাজ্যত কৰ’নাত আক্ৰান্তৰ প্ৰথমজন ৰোগী এতিয়াও সুস্থ হৈ উঠা নাই|
০ আন্ত:জিলা যাত্ৰায়তৰ ক্ষেত্ৰত ব্যক্তিগত বাহন ব্যৱহাৰ কৰিবলৈ ৰাজ্যত মুঠ ৭৩ হাজাৰ লোকে আবেদন কৰিছিল |
০ ইয়াৰে ২৬৯৫০ খন ব্যক্তিগত বাহনেৰে লোকসকল শনিবাৰে নিজ গৃহলৈ যায় |
০ দেওবাৰে ১১৫৮৮ খন আবেদন সম্পূৰ্ণ কৰা কৰা হব |
০ ইয়াৰে ৩৪৫৫৯ খন আবেদন নাকচ কৰা হৈছিল কাৰণ তেওঁলোকে অহা-যোৱাৰ বাবে আবেদন কৰিছিল |
০ এই অহা-যোৱাৰ বাবে আবেদন কৰা লোকসকলৰ বাবে বিভাগে ২৮, ২৯ আৰু ৩০ এপ্ৰিলৰ দিন ধাৰ্য কৰি দিছে |
০ কিন্তু তেওঁলোকে এই প্ৰক্ৰিয়াত এবাৰ ব্যৱহাৰ কৰা বাহন ব্যৱহাৰ কৰিবলৈ অনুমতি নাপাবা |
০ৰেড জ’নত তেওঁলোক সোমাবহে পাৰিব ওলাব নোৱাৰিব |
০ অসম ৰাজ্যিক পৰিবহন নিগমত মুঠ ৪১৬৫১ জনে নিজ গৃহ নাইবা কৰ্মস্থলীলৈ যাবলৈ আবেদন কৰিছিল |
০ ইয়াৰে ২৫৮৫ জনে শনিবাৰে যাত্ৰা কৰা উপৰি ১২ হেজাৰে যাত্ৰা কৰিব |
০তিনিদিনৰ বাবে এই ব্যৱস্থা আছিল যদিও নিৰ্ধাৰিত সময় অভাৱৰ ফলত ৩০ এপ্ৰিললৈ এই যাত্ৰা অব্যাহত থাকিব |
০ ৰাজস্থানৰ কোটাৰ পৰা অহা শিক্ষাৰ্থীসকল আজি ৰাজ্যত উপস্থিত হব |
০ ছাত্ৰসকলক সৰুসজ্জাইত, ছাত্ৰীসকল আৰু নিয়োজিত আৰক্ষীসকলক পৃথকে পৃথকে হোটেলত কোৱাৰেণ্টাইত ৰখা হব|