ভাৰত অভিমুখে উৰি আহিছে লাখ লাখ কাকতি ফৰিং

pangapal

তলাবন্ধৰ পৰিপ্ৰেক্ষিতত দেশত সবাতোকৈ ক্ষতিগ্ৰস্ত হোৱাৱাসকলৰ অন্যতম হৈছে কৃষক সমাজ। দেশৰ কৃষকে উৎপাদন কৰা বিঘাই বিঘাই শস্য তলাবন্ধৰ ফলত  পথাৰতে নষ্ট হোৱাৰ অৱস্থাতে ভূতৰ ওপৰত দানহ পৰাদি শীঘ্ৰেই দেশৰ কৃষকক ভয়াবহ পৰিস্থিতিত পেলাব পাৰে ‘মৰুদৈস্যু’ৱে। ইতিমধ্যেই পূৱ আফ্ৰিকাৰ পৰা এছিয়া অভিমুখে ৰাওনা হৈছে লাখ লাখ কাকতি ফৰিঙৰ দল।

উল্লেখ্য যে তলাবন্ধৰ ফলত কাহিল হোৱা দেশৰ অৰ্থনীতিৰ প্ৰভাৱ জনজীৱনত বাৰুকৈয়ে পৰিব বুলি ইতিমধ্যেই অৰ্থনীতিবিদে আশংকা কৰিছে। তাৰ মাজতে কাকতি ফৰিঙৰ দলে আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পাইছে। বহু বিশেষজ্ঞই আশংকা কৰিছে যে অৰ্থনীতিৰ জটিল পৰিস্থিতিত যদি দেশৰ খেতিপথাৰত কাকতি ফৰিঙে আক্ৰমণ কৰে, তেন্তে মহাসংকটে দেখা দিব পাৰে।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অহা গ্ৰীষ্মতে খাদ্য লুট কৰিবলৈ ভাৰত আৰু প্ৰতিবেশী পাকিস্তানত আক্ৰমণ চলাব মৰুদস্যুৱে। ভাৰত মহাসাগৰ অতিক্ৰম কৰি ভাৰতৰ কৃষিভূমিত পোনেই আক্ৰমণ কৰিব পাৰে বৃহৎ কাকতি ফৰিঙৰ দলে। স্বভাৱগতভাৱে কাকতি ফৰিঙ হিংস্ৰ নহয়। তথাপি দল বান্ধি নিমিষতে কে’বা হেজাৰ একৰ কৃষিভূমিৰ শস্য খাই তহিলং কৰিব পাৰে বাবেই ‘হৰ্ণ অৱ আফ্ৰিকা’ বা পূৱ আফ্ৰিকাৰ মৰুভূমিত বাস কৰা এইবিধ পতংগক মৰুদস্যু বুলি কোৱা হয়। ইয়াৰ প্ৰমাণ আগতেই পোৱা গৈছে আফ্ৰিকা আৰু য়েমেনত। পূৱ আফ্ৰিকাৰ পৰা ইতিমধ্যে উৰিবলৈ আৰম্ভ কৰা এই কাকতি ফৰিঙৰ দলটো মাজপথত দুটা ভাগত বিভক্ত হৈ পৰিছে। ইয়াৰে এটা দল কুৱেইট, কাটাৰ, পাকিস্তান অতিক্ৰম কৰি পঞ্জাৱ হৈ ভাৰতত প্ৰৱেশ কৰিব।আনটো দলে ভাৰত মহাসাগৰ অতিক্ৰম কৰি ভাৰতত উপস্থিত হ’ব।

উল্লেখ্য যে, পূৰ্বতে কাকতি ফৰিঙৰ দলে ভাৰত তথা এছিয়াৰ কিছুমান দেশত আহি শস্য খাই নষ্ট কৰে। যোৱা বছৰ ৰাজস্থান আৰু গুজৰাটত কাকতি ফৰিঙৰ উৎপাতত কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। ইহঁতে ডাঙৰ ডাঙৰ জাক পাতি ফুৰে। একো একোটা জাকত কে’বা লাখ কাকতি ফৰিঙ থাকে। এই কাকতি ফৰিঙ দেখাত আমাৰ ইয়াত থকা ফৰিঙৰ দৰে হ’লেও চাল-চলন, প্ৰকৃতিত অনেক পাৰ্থক্য আছে। ইহঁতে প্ৰধানকৈ বতাহৰ  উষ্ণতাৰ গতি অনুযায়ী চলা- ফুৰা কৰে। যিবোৰ অঞ্চলত কাকতি ফৰিঙে আক্ৰমণ কৰে, সেই অঞ্চলৰ খাদ্য অন্ত নোহোৱা পৰ্যন্ত আন ঠাইলৈ নাযায়। এটা পূৰ্ণ পৰ্যায়ৰ কাকতি ফৰিঙে প্ৰতিদিনে নিজৰ ওজনৰ সম পৰিমাণৰ খাদ্য খাব পাৰে। মৰুভূমিত বাস কৰা এই পতংগই আফ্ৰিকাৰ দেশসমূহত মহামাৰীৰ দৰে আক্ৰমন কৰে।

যোৱা বছৰৰ শেষৰ ফালে পূৱ আফ্ৰিকাৰ মহাদেশত স্বাভাৱিকতকৈ অধিক পৰিমাণে বৰষুণ হোৱাত কাকতি ফৰিঙৰো ব্যাপকভাৱে বংশবিস্তাৰ হয়। সেয়ে এইবাৰ পূৰ্বৰ তুলনাত ব্যাপক হাৰত কাকতি ফৰিঙৰ জাক ভাৰতলৈ আহি থকা বুলি আশংকা কৰা হৈছে। ফলত কৃষকৰ ক্ষতিৰ পৰিমাণো অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞই মতপ্ৰকাশ কৰিছে। অহা জুনতে কাকতি ফৰিঙৰ দলে ভাৰতত উপদ্ৰৱ চলোৱাৰ আশংকা আছে। কাকতি ফৰিঙৰ এই উপদ্ৰৱৰ ফলত দেশৰ খাদ্য নিৰাপত্তাও সংকটৰ সন্মুখীন হ’ব। সেয়ে হঠাৎ নতুনকৈ উদ্ভৱ হোৱা এই সমস্যাক একেবাৰে সহজভাৱে গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

Exit mobile version