মাৰণাস্ত্ৰ, ড্ৰাগচ মাফিয়া পাপু আলী অৱশেষত গোলাঘাট আৰক্ষীৰ জালত

Golaghat

অত্যাধুনিক মাৰণাস্ত্ৰ আৰু ড্ৰাগচ সৰবৰাহকাৰী মাফিয়া পাপু আলী অৱশেষত গোলাঘাট আৰক্ষীৰ জালত বন্দী হৈছে । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি আজি গোলাঘাট জিলাৰ তিৰোৱাল অঞ্চলত অৱস্থিত ঘৰৰ সমীপৰ পৰা খেদি-খেদি  পাপু আলীক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গোলাঘাট  জিলাৰ বিভিন্ন এলেকাত ঘাটি পাতি ধৃত পাপু আলীয়ে মাৰণাস্ত্ৰৰ বেহা চলোৱাৰ উপৰি ড্ৰাগচৰ বেহাতো জড়িত ।আৰক্ষীয়ে পাপুৰ সন্ধানত দীৰ্ঘদিন ধৰি অভিযান চলাইছিল যদিও আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰাৰ বাবে সফল হ’ব পৰা নাছিল । অৱশেষত সাত মাহৰ  অন্তত আজি নিশ্চিত তথ্যৰ আধাৰত আৰক্ষী দলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  পাপু আলীয়ে  গোলাঘাটৰ বিভিন্ন স্থানত ঘৰৰ পৰাই বৃহৎ  মাৰণাস্ত্ৰৰ লগতে ড্ৰাগছৰ বিশাল নেটৱৰ্ক গঢ়ি তুলিছিল বুলি আৰক্ষীয়ে দাবী কৰে ।

উল্লেখ্য যে, আৰক্ষীয়ে ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত পাপু আলীৰ ঘৰত অভিযান চলাই  পিষ্টল, গ্ৰেণেড, সেনাৰ পোছাক আদি উদ্ধাৰ কৰিছিল যদিও পাপু আলী পলাই যাবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে আজি পাপু আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version