স্বস্তিৰ নিশ্বাস এৰি গৃহমুখী যাত্ৰা

IMG 20200425 WA0018
জল্পনা-কল্পনা অৱসান ঘটাই শনিবাৰৰ পৰা তিনিদিনৰ বাবে আৰম্ভ হ’ল আন্ত:জিলা বাছ সেৱা | প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ তিনিশখন বাছেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা পাঁচ হেজাৰ লোকক প্ৰশাসনৰ উদ্যোগত ভিন্ন জিলালৈ ৰাওনা হয় | দীৰ্ঘদিন নিজগৃহৰ পৰা দূৰত থাকিবলৈ বাধ্য হোৱা এই লোকসকলৰ মুখত প্ৰতিস্ফুত হৈছে স্বস্তি-সকাহ তথা আনন্দৰ চিন | সুদীৰ্ঘ ৩৮ দিন ধৰি আবদ্ধ হৈ থকাৰ পাছত গৃহাভিমুখী হোৱাৰ সুযোগ লাভ কৰাৰ বাবে সকাহ পোৱাৰ কথা উল্লেখ কৰি গোৱালপাৰা শান্তি নগৰৰ সুনীতা চোধুৰীয়ে কয়, “দুই সন্তান বিবেক আৰু লক্ষ্যৰ বিদ্যালয় বন্ধ থকাৰ বাবে যোৱা ১৬ মাৰ্চতে গুৱাহাটীৰ উজান বজাৰত থকা ননদৰ ঘৰলৈ আহিছিলো | দুই সন্তানক লৈ চিৰিয়াখানা,  তাৰকাগৃহ আদি পৰিভ্ৰমণ কৰি থকাৰ সময়তে ২৪ মাৰ্চৰ পৰা তলাবন্ধ বলবৎ হয় | ফলত দীঘলীয়া সময়ৰ বাবে ননদৰ ঘৰতে আবদ্ধ হৈ পৰো |”
স্বস্তিৰ নিশ্বাস এৰি গৃহমুখী যাত্ৰা কৰা চোধুৰীয়ে পুনৰ কয় যে এই দিনকেইটাত থকা-খোৱাত কোনো অসুবিধা পোৱা নাই যদিও দীৰ্ঘদিন ধৰি দুই সন্তানসহ ঘৰৰ বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে পৰিয়ালত চিন্তা বাঢ়ি গৈছে | চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয় আৰু নিজগৃহলৈ যাবলৈ অনুমতি পাই সঁচাকৈয়ে আনন্দিত | চোধুৰীয়ে কয় | তেওঁ উজান বজাৰৰ পৰা টেক্সি সেৱাৰে আই এছ বি টিত উপস্থিত হোৱা বুলি উল্লেখ কৰি গোৱালপাৰাৰ বাছ আস্থানৰ পৰা খোজকাঢ়ি যাব পৰা দূৰত্বত নিজগৃহটো থকাৰ বাবে বিশেষ অসুবিধা নহয় বুলি মত ব্যক্ত কৰে |
অনুৰূপ মন্তব্য মৰনৈৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত অনুপ ডেকাৰো | বেলতলাৰ নিবাসী ডেকাই কয় যে ২১ এপ্ৰিলৰ পৰা কোম্পানীৰ কাম আৰম্ভ হৈছে | বাৰে বাৰে টেলিফোন কোম্পানীটোৰ পৰা | শনিবাৰে নিজ কৰ্তব্যস্থলীলৈ যোৱাৰ বাবে সুযোগ লাভ কৰি সকাহ পোৱা বুলি ডেকাই কয় | তেওঁ পূৰ্বে প্ৰতি শনিবাৰে ঘৰলৈ আহি সোমবাৰে পুনৰ নিজ কৰ্মস্থলীলৈ ৰাওনা হোৱাৰ কথা প্ৰকাশ কৰি সাম্প্ৰতিক সময়ত তলাবন্ধ নোখোলা পৰ্যন্ত উভতি অহাটো সম্ভৱ নহব বুলি কয় | আনহাতে গোৱালপাৰা আমবাৰীৰ মিমনুজ জামানে কয়, ” চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্ত্তিৰ লক্ষ্যৰে মহানগৰীৰ ভঙাগড়স্থিত এটা ক’চিং চেণ্টাৰত পাঠদান অব্যাহত ৰাখিছিলো | কিন্তু তলাবন্ধৰ বাবে ক’চিং চেন্টাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ভাড়াঘৰত থকাৰ বাবে খোৱা-লোৱাত যথেষ্ট অসুবিধা হৈছিল | আজি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ পায় আনন্দ অনুভৱ কৰিছো |”
একেদৰে আঠ মাৰ্চৰ পৰা মাতৃ-ভ্ৰাতৃসহ মহানগৰীৰ লাচিত নগৰস্থিত মোমায়েকৰ ঘৰত আবদ্ধ হৈ পৰা গোৱালপাৰা লক্ষীপুৰৰ জান্নাত হুছেইনে কয়,  ” মাৰ চিকিৎসাৰ লগতে দুই-চাৰিদিন গুৱাহাটীত ফুৰাৰ লক্ষ্যৰে গুৱাহাটীলৈ আহিছিলো | কিন্তু তলাবন্ধই সুযোগ নিদিলে | আজি ৰমজানৰ প্ৰথম দিনটোতে ঘৰলৈ যাবলৈ পাই পৰিয়ালৰ সকলো আনন্দিত |
উল্লেখ্য যে শনিবাৰে ৰাজ্যৰ ভিন্ন জিলাৰ পৰা পাঁচ হেজাৰ যাত্ৰীক অসম পৰিবহণ নিগমৰ তিনিশখন বাছেৰে স্বগৃহলৈ প্ৰেৰণ কৰে সংশ্লিষ্ট জিলা প্ৰশাসনে | তলাবন্ধৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা ৪১ হেজাৰ ৬৫১ জনে চৰকাৰে মুকলি কৰি দিয়া ১০৪ নম্বৰ জৰিয়তে যোগাযোগ কৰিছিল | তিনিদিনৰ বাবে মুকলি কৰা এই আন্ত:জিলা বাছসেৱাৰ পৰৱৰ্তী দুদিনত প্ৰায় ২৫০০ খন বাছ চলাচল কৰাৰ কথা সদৰী কৰিছে পৰিবহণ মন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰীয়ে | প্ৰথম পৰ্যায়ত পাঁচ হেজাৰ যাত্ৰীয়ে নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে যদিও অপেক্ষাত আছে ৩৬ হেজাৰ ৬৫১ জন যাত্ৰী | শনিবাৰে মহানগৰীৰ আই এছ বি টি, আদাবাৰী, মাছখোৱা আৰু পল্টন বজাৰস্থিত পৰিবহণ নিগমৰ এশখন বাছেৰে ৫৫১ জনে বৰপেটালৈ,৪২০ জনে গোৱালপাৰালৈ,১০৩ জনে মৰিগাঁওলৈ, ৪১২ জনে নগাঁৱলৈ আৰু ২৩৮ জনে শোণিতপুৰলৈ যাত্ৰা কৰে |
Exit mobile version