আৰ্থিক দুৰাৱস্থাৰ বিড়ম্বনা

nagaon woman
তলাবন্ধৰ ফলত দৰিদ্ৰ লোক সকলৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছে। দৰিদ্ৰতাৰ ভৰত কূজা হোৱা বটদ্ৰৱাৰ শিলপুখুৰীৰ এটা পৰিয়ালৰ এগৰাকী শতায়ু গৰকা এগৰাকী বৃদ্ধাক  তেওঁৰ বৃদ্ধ পেঞ্চনৰ ধন কেইটাৰ বাবেই  ঠেলাত উঠাই লৈ  বেংকলৈ লৈ অনা দৃশ্যই আজি সকলোৰে চকু সেমেকাই তোলে। শতায়ু গৰকা ৰোগাক্ৰান্ত বৃদ্ধা গৰাকীক এনে অৱস্থাত বেংকলৈ অনাৰ মুখ্য কাৰণ আৰ্থিক দীনতা। তলাবন্ধৰ সময়ছোৱাত দৰিদ্ৰ পৰিয়ালৰ বাবে দুৰ্বিসহ হৈ পৰিছে জীৱন সংগ্ৰাম। সেয়েহে আজি চৰকাৰৰ পৰা পোৱা বৃদ্ধ পেঞ্চনৰ ধন কেইটাৰ বাবেই ঠেলাত তুলি লৈ বৃদ্ধ পেঞ্চনৰ ধন উলিয়াবলৈ জাজৰিলৈ ঠেলাত লৈ অাহিব লগা হ’ল এগৰাকী শতায়ু গৰকা বৃদ্ধা গৰাকীক।
ADVERTISEMENT
Exit mobile version