কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে কলংভেলি অৰ্গেনিক ৱেবছাইট 

IMG 20200427 132923
গ্ৰামাঞ্চলৰ কৃষকৰ বাবে আশাৰ বতৰা 
কলিয়াবৰত আজিৰেপৰা আৰম্ভ হৈছে এক নতুন যাত্ৰাৰ ৷ এই নতুন যাত্ৰা তথা পদক্ষেপৰ জৰিয়তে তলাবন্ধৰ লগতে আন আন সময়ত জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত সকলো লোকেই ঘৰতে বহি নিজৰ হাতত থকা মোবাইলটোৰ বুটাম টিপিয়েই লাভ কৰিব নিজৰ মনৰ পচন্দৰ সতেজ শাক-পাচলি, ফলমূল ৷ আজি কলিয়াবৰত অসমৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই ’কলংভেনি অৰ্গেনিক’ৰ এটা ৱেবছাইট মুকলি কৰাৰ পাছতে কলিয়াবৰত আৰম্ভ হৈছে এই ব্যৱস্থাৰ ৷
কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাগৃহত আজি ৰাইজৰ সুবিধাৰ বাবে এই ৱেবছাইটটো মুকলি কৰি মন্ত্ৰী মহন্তই কয়- ‘এই ৱেবছাইট মুকলি কলিয়াবৰৰ কৃষকসমাজ আৰু জনসাধাৰণৰ বাবে এক উল্লেখনীয় দিন ৷ এতিয়াৰপৰা কলিয়াবৰৰ সকলো লোকেই ইয়াৰ সুবিধা গ্ৰহণ কৰি কম মূল্যত ঘৰতে সতেজ শাক-পাচলি আৰু ফলমূল লাভ কৰিব ৷ যাৰ দ্বাৰা থলুৱা কৃষকসকল আটাইটকৈ বেছিকৈ উপকৃত হ’ব৷’ ইফালে কলংভেলি অৰ্গেনিক নামৰ কৃষিফাৰ্মখনৰ স্বত্বাধিকাৰী মুহিত কুমাৰ শইকীয়াই প্ৰকাশ কৰা মতে প্ৰথমতে পৰীক্ষামূলকভাৱে কলিয়াবৰৰ চাৰিসীমাৰ ভিতৰতে বিতৰণ ব্যৱস্থা আৰম্ভ কৰা কলংভেলি অৰ্গেনিকৰ দ্বাৰা সকলোৱে সুলভ মূল্যত শাক-পাচলি, ফলমূল লাভ কৰিব ৷ গুণগত মানদণ্ড আৰু কম মূল্যৰ ওপৰত গুৰুত্ব দি গ্ৰামাঞ্চলৰ গ্ৰাহকৰ হাতত তুলি দিয়া হ’ব এই সকলোবোৰ ৷
আজিৰ এই ৱেবছাইট মুকলি অনুষ্ঠানটিৰ গুৰি ধৰি কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগেও এয়া কলিয়াবৰবাসীৰ বাবে সুখবৰ বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে ইয়াৰ সমান্তৰালভাৱে কলিয়াবৰত ’কলিয়াবৰ চবজি’ নামৰে আন এটি মোবাইল এপ’ত শাক-পাচলি উপলব্ধ হৈছে ৷ ইফালে সমগ্ৰ দেশৰে তলাবন্ধৰ সময়ত কলংভেলি অৰ্গেনিকে সমগ্ৰ কলিয়াবৰৰ জনসাধাৰণৰ পদুলিয়ে পদুলিয়ে গৈ যোগান ধৰি আহিছে নিজে উৎপাদন কৰা শাক-পাচলি ৷ আৰু আজিৰেপৰা কলংভেলিৰ এই শাক-পাচলি গ্ৰাহকৰ বাবে উপলব্ধ হ’ব www.kalangvally.com নামৰ ৱেবছাইটটোৰ লগতে কলংভেলি মোবাইল এপ’ত ৷ কলংভেলিৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে ইয়াৰ গ্ৰাহকসকলেও ৷ উল্লেখযোগ্য যে, ব্যতিক্ৰমী কৃষি কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ কলংভেলিৰ স্বত্বাধিকাৰ মুহিত কুমাৰ শইকীয়াই। আজিৰ পৰা তিনিবছৰ পূৰ্বে “কলংভেলী অৰ্গেনিক” নামেৰে ৬০ বিঘা কৃষিভুমিৰে কৃষি-পাম স্থাপন কৰি এই যুৱকজনে লাভ কৰিছে সফলতা। আনৰ কৃষিভূমি বছৰি চুক্তি লৈ কৰিছে বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰ খেতি। প্ৰথমতেই কলিয়াবৰৰ জমখলাত ২৫ বিঘা, হাতীয়েখোৱাত ১৫ বিঘা আৰু লখনাবন্ধাত ২০ বিঘা মাটি লিজত লৈ স্থাপন কৰা “কলংভেলি অৰ্গেনিক” কৃষিপামত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি। আলু , বিলাহী , বেঙেনা , ফুলকবি , ব্ৰকোলি, জলকীয়া, তৰমুজ, জিকা, কেপচিকাম লগতে গোমধানৰ খতি কৰা হৈছে কলংভেলি অৰ্গেনিক কৃষিপামত।
বিগত বৰ্ষত এইজন যুৱ কৃষকে পাঁচ বিঘা ভূমিত এইবাৰ নতুনকৈ আৰম্ভ কৰিছিল চৌদি-আৰবত উৎপাদিত “জুকিনী” খেতি । ইয়াৰ উপৰিও পাঁচবিঘা মাটিত কৰা কেপচিকামৰ মাজে মাজে কৰা হৈছে জিকা খেতি। ১৫ বিঘাত আলু, ৫ বিঘাত তিনি প্ৰকাৰৰ বিলাহী খেতি কৰা হৈছে এই কৃষিপামত। সাধাৰণতে ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা দুৰৈত থাকি গোবৰ সাৰৰ লগতে সম্পুৰ্ণ অৰ্গেনিক সাৰ প্ৰয়োগৰে কলংভেলি অৰ্গেনিক কৃষিপামত অব্যাহত আছে কৃষিকাৰ্য। ৬০ বিঘা মাটি চুক্তিত লৈ “কলং-ভেলি-অৰ্গেনিক” নামেৰে কৃষিপাম স্থাপন কৰি  লাভাম্বিত কলিয়াবৰৰ জমখলা গাঁৱৰ মোহিত কুমাৰ শইকীয়া নামৰ যুৱ কৃষকগৰাকীয়ে সংস্থাপন দিছে বহুকেইজন যুৱকক। বছৰি ১০ লাক্ষাধিক টকা উপাৰ্জনৰ আশা কৰিছে এই কৃষিপামৰ জৰিয়তে। শেহতীয়াকৈ কৃষিবিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনেও সহায়ৰ হাত আগবঢ়াইছে যুৱ কৃষকগৰাকীক ৷ যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ হতাশগ্ৰস্ত নিবনুৱাই বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিছাৰি হাবাথুৰি খাই তলাবন্ধৰ সময়ত ঘৰৰ পৰা বিছিন্ন হৈ  থাকিব লগাৰ দৰে সময় আহিছে সেই সময়তে মোহিত শইকীয়াৰ দৰে এচাম যুৱকে কৃষি-কৰ্মৰে স্বনিৰ্ভৰশীল হোৱা কাৰ্য হৈ পৰিছে সকলোৰে বাবে আদৰ্শ-স্বৰূপ। ইমানদিনে এখন গাড়ীত তুলি কলিয়াবৰৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থীৰ পদুলিত শাকপাচলি যোগান ধৰা কলংভেলিৰ ঘৰে ঘৰে শাকপাচলি, ফলমূল যোগানৰ এনে উৎসাহী কাৰ্যই তলাবন্ধৰ লগতে পৰৱৰ্তী সময়তো সকাহ দিব গ্ৰাহকক৷
Exit mobile version