তলাবন্ধৰ অনুভৱ : ড° গোবিন্দ প্ৰসাদ শর্মা

Screenshot 20200427 193640
আকৌ মানৱ সভ্যতাই মানৱেৰে জয়গান গাই আগুৱাই যাব
এমাহ হৈ গ’ল, ঘৰতে আবদ্ধ হৈ থাকিলো। গেট খুলিও বাহিৰ হোৱা নাই । পুৱা আধাঘণ্টা চোতালত খোজ কাঢ়ো। মোৰ চোতাল আৰু বাৰী ডাঙৰ। গতিকে, তৰি-তৰকাৰীৰ ক্ষেত্ৰত বৰ সমস্যা হোৱা নাই। বন্ধৰ মাজত বাধ্য হৈ কেৱল দুদিনেই ঘৰৰ পৰা ওলাইছো। এদিন বেংকলৈ আৰু অন্য এদিন ৰন্ধন গেছৰ দোকানলৈ গৈছিলো। মই লিখা-পঢ়া কৰি ভাল পাওঁ। তাতে অৱসৰপ্ৰাপ্ত লোক। সেই কাৰণে তলাবন্ধৰ বাবে এইবোৰ কৰিবলৈ ভাল সুযোগ পোৱা বুলি অনুভৱ হৈছে। সময়বোৰ মোৰ এনেদৰেই গৈছে। বহু ইংৰাজী কিতাপ পঢ়িবলৈ গোটাই থৈছিলো। সেইবোৰ পঢ়িবলৈ সময় পোৱা নাছিলো। এতিয়া এখনৰ পিছত এখনকৈ সেইবোৰ পঢ়িছো। অসমীয়া কিতাপো যথেষ্ট দ’ম খাই আছিল। সেইবোৰৰ এখন এখনকৈ পঢ়িবলৈ লৈছো। সেই দিশৰ পৰা মোক কৰ’নাই কৰুণা কৰাৰ দৰে হৈছে, যদিও মন উৎকণ্ঠাৰে ভৰি থাকে।
মই সমাজ ভাল পোৱা লোক। মই সংগপ্ৰিয় লোক। মানুহৰ মাজলৈ গৈ ভাল পাওঁ। মানুহো মোৰ ঘৰলৈ আহিলে কথা বতৰা পাতি ভাল পাওঁ, কিন্তু এতিয়া পৰিস্থিতিৰ বাবে সেইবোৰৰ পৰা বঞ্চিত হৈছে। তাৰ সলনি লেখা পঢ়া কৰি সময় পাৰ কৰিছো। গধূলি সময় ওলালে এঘণ্টা টি ভি চাওঁ। আকৌ পুৱা নিৰ্দিষ্ট সময়ত সদায় ৰেডিঅ’ শুনো। বাতৰি কাকত পাই আছো। এদিন অসুবিধা পাইছিলো। এইবাৰৰ আলোচনীবোৰ পোৱা নাই। হয়তো এপ্ৰিলৰ সংখ্যা নোলাবই। মে’তো ওলাব নে নোলাব ঠিক নাই।
টি এছ এলিয়েটৰ এটা প্ৰবন্ধ লিখি আনন্দিত হৈছো। সেইটো আলোচনীলৈ পঠিয়াব পাৰিলে ভাল পালোহেঁতেন। ড° জনছনৰ ওপৰতো এটা প্ৰবন্ধ লিখিছো, কিন্তু প্ৰকাশৰ বাবে দিব পৰা নাই। এই সময়ত প্ৰকাশৰ বাবে দিলেও লাভ নাই। ৰজনীকান্ত বৰদলৈৰ সমগ্র ৰচনাৱলীৰ সম্পাদনৰ বাবে নিযুক্তি পাইছিলো। সেয়াও সম্পূৰ্ণ হৈছে। সুদীৰ্ঘ পাতনি লিখি শেষ কৰিছো। প্ৰকাশকেহে মোৰ ঘৰৰ পৰা নিবহি পৰা নাই। দৈনিক অগ্ৰদূতত আমেৰিকাৰ ভ্ৰমণ কাহিনী লিখিছিলো। সেইখন ডিচেম্বৰৰ গ্ৰন্থমেলাৰ সময়ত ওলালহেতেন। কিন্তু এতিয়া ওলাব যে আশা দেখা নাই। লেখক হিচাপে লিখনি প্ৰকাশ নকৰাটো ডাঙৰ অশান্তিৰ বিষয়। মোৰ পঢ়া-লেখাত কোনো প্রতিবন্ধকতা অহা নাই। ৰিফিলবোৰো শেষ হোৱা নাই। আকৌ মোৰ কম্পিউটাৰটোও চলি আছে।
ঘৰতে সোমাই থাকিবলৈ বাধ্য হৈছো বাবে চিন্তা কৰিবলৈ সময় পাইছো। কিয় এনেকুৱা হ’ল তাকো ভাবি ভাবি পাইছো। কিয় এনেকুৱা হৈছে? মানৱ প্ৰজাতিয়ে প্ৰকৃতিৰ বিৰুদ্ধে বহুদূৰ আগুৱাই গৈছিলো। প্ৰকৃততে আমি ধ্বংস কৰিছিলো। পৰ্বত-পাহাৰ কাটি তহিলং কৰিছিলো। পশু পক্ষী নিধন কৰিছিলো। এখন লঠঙা পৃথিৱীত আমি কেৱল মানুহ আৰু মানুহ । তথাপি আমি এটাও মানুহ মাৰিবলৈ দিব নোখোজো। আমি টেষ্ট টিউবত মানুহ তৈয়াৰ কৰো। মৰিব খুজিলেও অক্সিজেনৰ সহায়ত আকৌ কেইঘণ্টামান জীয়াই ৰাখিব খোজো। ইপিনে, প্ৰকৃতি ধ্বংস কৰি মানুহেৰে পৃথিৱী উপচাই দিলো। এতিয়া প্ৰকৃতিয়ে যেন তাৰ প্ৰতিশোধ লৈ এক স্বাভাৱিক অৱস্থালৈ পৃথিৱীখন নিব খুজিছে।
আগতেও প্ৰকৃতিয়ে এনে কাম কৰিছিল। ষোড়শ শতিকাত লণ্ডনত হোৱা প্লেগ তাৰ এটা সুন্দৰ উদাহৰণ। কলেৰা, বসন্ত, কলাজ্বৰ, মেলেৰিয়া আদিয়ে আমাৰ দেশতে তাণ্ডৱ  সৃষ্টি কৰিছিল। সেইবোৰৰ মাজেদিও আমি আহি আছো। বিজ্ঞানে যদিও আমাক প্ৰকৃতি ধ্বংসত সহায় কৰিছিল, অযথা মানুহৰ সংখ্যা বঢ়াইছিল, তথাপি বিজ্ঞানে আমাক এনেকুৱা দুৰ্যোগৰ মাজত বাৰে বাৰে সহায় কৰি আহিছে। এইবাৰো বিজ্ঞানে আমাক সহায় কৰিব। কোনো জামাত, সমূহীয়া প্ৰাৰ্থনা, কোনো নাম-প্ৰসংগই আমাক ৰক্ষা নকৰে। আমাক লাগিব এপিনে বিজ্ঞান আনপিনে চিন্তা। এই চিন্তা পাব পাৰো দৰ্শনত। গতিকে, এই সংকটৰ সময়ত এহাতে বিজ্ঞান আনহাতে দৰ্শনক লৈ আমি নিৰ্ভয়ে থিয় দি থাকিব লাগিব। মানৱ সভ্যতা বাৰে বাৰে আক্ৰান্ত হৈছে। তথাপি মানৱ সভ্যতা আগুৱাই আহি আছে । এইবেলিও আকৌ মানৱ সভ্যতাই মানৱেৰে জয়গান গাই আগুৱাই যাব।
Exit mobile version