শংকৰ- আজানৰ দেশত সমন্বয়ৰ নিদৰ্শন       

IMG 20200427 WA0008
মাজুলীত এগৰাকী  হিন্দু লোকে মুছলমানৰ ধৰ্মীয় নীতি নিয়মৰ সহযোগীতা কৰাক লৈ সম্প্ৰতি  মাজুলীত  ব্যাপক চৰ্চা চলিছে। সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীত শংকৰ আজানৰ সমন্বয়ৰ আদৰ্শৰ সাৰোগত কৰি কভিড-১৯ সংক্ৰমণৰ সময়ত গোৱালগাৱৰ বিপুল বৰুৱাৰ ঘৰত এক ব্যক্তিক্ৰমীৰূপত এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকক ৰমজানৰ ৰোজা ৰখাৰ ব্যৱস্থা কৰি দিয়ে।
জানিব পৰা মতে উক্ত লোকজন নামনি অসমৰ পৰা আহি বৰুৱাৰ ঘৰত দুমাহ দিন ধৰি কাম কৰি আছিল।তলাবন্ধৰ কাৰণে ইফতাৰৰ সময়ত মাজুলীত আৱদ্ধ হৈ থকা এইজন ইছলামধৰ্মী লোকক মাজুলীৰ গোৱালগাঁৱৰ জোনাকী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বিপুল বৰুৱাই হিন্দুধৰ্মৰ লোকহৈয়ো  নীতি-নিয়মৰ মাজেৰে  ইফতাৰৰ খাদ্যযোগান ধৰি আহিছে।
অসমীয়া সমাজৰ ৰীতি-নীতি অনুযায়ীজেহেৰুল ইছলাম নামৰ লোক জনৰ সন্মুখত প্ৰণিপাত জনাই আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালটোৱে ৷ ৰোজা ৰাখিবৰ বাবে হিন্দু পৰিয়ালটোৱে যোগান ধৰিছে সকলো সামগ্ৰী, আৰু ঘৰতে সকলো ব্যৱস্থা কৰি দিছে ।সম্প্ৰতি জেহেৰুলে প্ৰতিদিনাই ৰোজা ৰাখি এনেদৰে ইফটাৰ কৰিছে। সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰা পৰিয়ালটোৰ ঘৰত মিস্তী হিচাপে থকা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জেহেৰুলক এনে নিৰ্দশনৰ বাবে প্ৰশংসা কৰাৰ লগতে একাংশ বৈষ্ণৱৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে।
Exit mobile version