সুস্থ হৈ আছে উত্তৰ কোৰিয়াৰ প্ৰৱল প্ৰতাপী শাসক কীম জং উন

200421 kim jong un mc 1006 2 d07e7e57a0277fe179eaccd1bc13408f

NORTHKOREA-POLITICS/

উত্তৰ কোৰিয়াৰ প্ৰৱল প্ৰতাপী কমিউনিষ্ট শাসক তথা বিশ্বৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰ প্ৰধান তথা ৩৬ বছৰীয়া শাসক কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত এতিয়াও সকলোৰে মাজত উদ্বেগ অব্যাহত আছে । ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত ওলোৱা সকলো বাতৰিক খণ্ডন কৰে। মুন জে ইন দেওবাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে কীম জং এতিয়াও সুস্থ হৈ আছে ৷ তেওঁ ১৩ এপ্ৰিলৰ পিছৰ পৰা উত্তৰ কোৰিয়াৰ বোন্সান চহৰত আছে । ১২ এপ্ৰিলত কীমৰ কাৰ্ডিঅ’ভাস্কুলাৰ চাৰ্জাৰী হৈছিল ৷ ইয়াৰ পাছৰ পৰা কীমৰ মৃত্যুৰ খবৰ সৰ্বত্ৰে বিয়পি পৰিছিল ।

ইফালে শনিবাৰে নিশা হংকঙৰ এক সংবাদমাধ্যমত কিমৰ মৃত্যুৰ খবৰ দিছিল । ইফালে ১৫ এপ্ৰিলত ককাক কিম ইল চুংগৰ বছেৰেকীয়া অনুষ্ঠানত অংশ গ্ৰহণ নকৰিছিল কীমে। ইয়াৰ পিছৰ পৰা এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে। কাৰণ পূৰ্বতে যিকোনো পাৰম্পৰিক অনুষ্ঠানত অংশ গ্ৰহণ নকৰাকৈ নাথাকে কিম জঙে ৷ কিছুমান সমালোচকৰ মতে নিজকে আধুনিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ কিম পৰম্পৰাৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। কিমে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ পূৰ্বজসকলৰ দৰে নহয় ।

এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ এখন সংবাদ পত্ৰ ডেইলী” প্ৰকাশ পোৱা অনুসৰি ১২ এপ্ৰিলত কিমৰ কাৰ্ডিঅ’বেস্কুলৰ চাৰ্জাৰী হৈছিল ৷ তথ্য অনুসৰি কীমে অত্যাধিক চিগাৰেট সেৱন কৰে । লগতে কীমৰ মেদবহুলতাৰ সমস্যা আছে ৷ অৱশ্যে সম্প্ৰতি কীমৰ স্বাস্থ্যৰ অৱস্থা সুস্থ ৷ আনহাতে উত্তৰ কোৰিয়াৰ শাসক কীম জং উনৰ মৃত্যুৰ বাতৰি প্ৰচাৰিত হোৱাৰ সময়তে দেশখনৰ পৰৱৰ্তী শাসকক লৈ অব্যাহত আছে জল্পনা কল্পনা। কীমৰ অৱৰ্তমানত তেওঁৰ ভগ্নী কীম য়’ জং উন উত্তৰ কোৰিয়াৰ শাসক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

ইফালে উত্তৰ কোৰিয়াৰ ৰাজনীতিত অধিক স্বেচ্ছাচাৰী তথা নৃশংস বুলি পৰিচিত কীম জং উনতকৈ অধিক নৃশংস মানসিকতা কীম য়’ জং উনৰ । কীমৰ পিছত যদি তেওঁৰ ভগ্নী কীম য়’ যদি উত্তৰ কোৰিয়াৰ শাসক হয় তেন্তে আকৌ উত্তৰ কোৰিয়াই পাব স্বেচ্ছাচাৰী শাসক। তেনে সময়তে প্ৰভাৱশালী দেশখনৰ পৰৱৰ্তী শাসক অৰ্থাৎ এগৰাকী মহিলাই কেনেদৰে চম্ভালিব এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ অৱশ্যে শেহতীয়াকৈ কীম জং উনৰ সুস্থ থকা বাতৰিয়ে সকলো খবৰক নসাৎ কৰিছে।

Exit mobile version