উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত পাঁচখন কৰ’না মুক্ত

2AP1TD2 b598c7937e0cb7c3ddb3d98f6d897d82

উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত পাঁচখন ৰাজ্য কৰ’না মুক্ত হোৱাৰ বিপৰীতে অন্য তিনিখন ৰাজ্যই বিগতকে’বাটাও দিনৰ পৰা  নতুন কৰ’না পজিটিভ পৰিঘটনা প্ৰকাশ হোৱা নাই বুলি উল্লেখ কৰিছে কেন্দ্ৰীয়  ড’নাৰ , এমঅ’এছ পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ৷ ড০ সিঙে উত্তৰ পূব পৰিষদ (এনইচি), শ্বিলঙৰ জ্যেষ্ঠ বিষয়া, বিভিন্ন চৰকাৰী সংস্থা তথা পিএছইউসমূহৰ প্ৰতিনিধি, এনইআৰএএমচি, এনইএইচএইচডিচি, নেডফি, চিবিটিচিৰ প্ৰতিনিধিসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হোৱা এখন বৈঠকত সোমবাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চল বিকাশৰ এক মডেল হিচাপে বিবেচিত হোৱাৰ লগতে চলিত ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত অনুশাসনমূলক স্বাস্থ্য ব্যৱস্থাপনাৰ এক কাৰ্যকৰী মডেল হিচাপেও উদ্ভাসিত হোৱা বুলি উল্লেখ কৰে ৷

 

ড০ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ছিক্কিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাকে ধৰি পাঁচখন ৰাজ্য কৰ’না মুক্ত হোৱাৰ লগতে অসম, মেঘালয় আৰু মিজোৰামত কৰ’নাত পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে৷ বিগত কে’টামান দিনৰ পৰা কোনো কৰ’না পজিটিভ পৰিঘটনা তিনিখন ৰাজ্যত প্ৰকাশ হোৱা নাই৷ এই সন্দৰ্ভত তেওঁ আঠোখন ৰাজ্যৰ চৰকাৰ, ড’নাৰ মন্ত্ৰালয় আৰু এনইচিৰ বিষয়াবৰ্গক ধন্যবাদ জ্ঞাপন কৰে৷উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে প্ৰাৰম্ভিক পৰ্যায়তে কৰ’না সংক্ৰান্তীয় গতিবিধিসমূহৰ বাবে ২৫ কোটি টকা মোকলাই দিয়া হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

Exit mobile version