ক’ভিড – ১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অভিযানত প্ৰয়োজনত সকলো সহযোগিতা আগবঢ়াইছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে । ভাৰতীয় বায়ুসেনাই দেশৰ এই দুৰ্যোগৰ সময়ত অত্যাৱশ্যকীয় চিকিৎসা সমগ্ৰী, খাদ্য-দ্ৰব্যৰ যোগান আৰু দেশৰ ভিতৰত চিকিৎসক-কৰ্মীৰ পৰিবহণৰ উপৰি ৰাজ্য চৰকাৰসমূহৰ লগতে সংক্ৰমণ প্ৰতিৰোধী কাৰ্যক্ৰমত জড়িত সংস্থাসমূহলৈ বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই আহিছে।
উল্লেখ্য যে যোৱা ২৫ এপ্ৰিলত বায়ুসেনাই এখন বিমানৰ জৰিয়তে ক’ভিড-১৯ৰ চিকিৎসা সংক্ৰান্তীয় ২২ টন পৰিমাণৰ সামগ্ৰী কঢ়িয়াই আনি মিজোৰামৰ লেংপুই বিমান বন্দৰত অৱতৰণ কৰে। এই সামগ্ৰীসমূহ মিজোৰাম আৰু মেঘালয় চৰকাৰৰ বাবে ব্যৱহৃত সামগ্ৰী । এই পৰ্যন্ত বায়ুসেনা বাহিনীয়ে প্ৰায় ৬০০টন চিকিৎসা উপকৰণ আৰু অন্যান্য সহায়ক সামগ্ৰী কঢ়িয়াই আনিছে।
ইফালে, কুৱেইট চৰকাৰৰ আহ্বানক্ৰমে ‘সশস্ত্ৰ সেনা চিকিৎসা সেৱা’(এএফএমএছ)ৰ এটা ১৫জনীয়া ততকালীন সেৱা প্ৰদানকাৰী গোটক যোৱা ১১এপ্ৰিলত কুৱেইটলৈ নিয়াৰ বিপৰীতে তাত কাম শেষ হোৱাৰ পিছত যোৱা ২৫ এপ্ৰিলত পুনৰ বায়ুসেনাৰ চি-১৩০বিমানৰে তেওঁলোকক ওভতাই অনাৰো দিহা কৰে বায়ুসেনাই। দলটো উভতি অহাৰ পথত জৰুৰী ভাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা এজনী ছয় বছৰীয়া কেন্সাৰ-আক্ৰান্ত কিশোৰীৰ স’তে তেওঁৰ পিতৃকো দেশলৈ কঢ়িয়াই আনে বিমানখনে। বায়ুসেনা বাহিনীয়ে অনাগত সময়ত যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব পৰাকৈ সকলোধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে।