ভাৰতত আক্ৰান্তৰ ৬৯ শতাংশ ৰোগীৰ নাছিল কোনো কৰ’নাৰ লক্ষণ

1 image Coronavirus MERS CoV

৪০ দিনীয়া তলাবন্ধৰ অন্তত গ্ৰীণ জ’নত অৰ্থাৎ সেউজ মণ্ডলত স্বাভাৱিক কাম কাজ ওভতাই অনাৰ পক্ষপাতি শাসকপক্ষ। তৎস্বত্বেও এই মুহুৰ্তত চৰকাৰৰ মূল আশংকা হৈছে উপসৰ্গহহীন কৰ’নাৰ বাহক লৈ ৷ জ্বৰ, চৰ্দি বা শ্বাস প্ৰশ্বাস কষ্টৰ দৰে উপসৰ্গ ফুটি নুঠাত এইসকল লোকক দেখি গম পাব নোৱাৰি যে তেওঁলোক কৰ’নাত সংক্ৰমিত। এনে লোকসকল সংক্ৰমণ নথকা অঞ্চলত বিচৰণ কৰিলে তলাবন্ধৰ প্ৰচেষ্টা শূন্য হ’ব বুলি আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে ৷ ইয়াৰ পৰা ৰক্ষা পাবলৈ সৰ্বভাৰতীয় প্ৰতিষ্ঠান এইমছৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই কয় যে আগন্তুক দিনসমূহত সামাজিক দূৰত্ব বিধি মানি চলিব লাগিব ৷ ঘৰৰ বাহিৰ ওলালে মাস্ক পৰিধান বাধ্যতামূলক হোৱা উচিত।

অৱশ্যে এই সমস্যা ভাৰতৰ দৰে দেশত হোৱা নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সনৰ তৰফৰ পৰা জনোৱা মতে আমেৰিকাত আক্ৰান্তৰ ভিতৰত ২৫ শতাংশৰ কোনো উপসৰ্গ নাই ।ফলত অজানিতে তেওঁলোকৰ শৰীৰৰ পৰা কৰ’নাৰ সংক্ৰমণ বিয়পিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কয় “কৰ’না আক্ৰান্তসকলৰ ভিতৰত কমেও ৮০ শতাংশ ৰোগীৰ ক্ষেত্ৰত সামান্য উপসৰ্গই দেখা দিছে ৷ অথবা উপসৰ্গসমূহ অলপো পৰিস্ফুট হৈ উঠা নাই । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ বিজ্ঞানী ৰমন গংগাখেড়কাৰৰ মতে আক্ৰান্তসকলৰ ভিতৰত ৬৯ শতাংশৰে জ্বৰ, চৰ্দি, কাঁহ অথবা উশাহ নিশাহত কষ্টৰ দৰে উপসৰ্গ নাই ৷ এইকাৰণেই মাৰাত্মক কৰ’নাৰ লগত যুঁজাতো অধিক কঠিন হৈ পৰিছে ।

দেশত তলাবন্ধ খোলাৰ পিছত এজন সুস্থ লোক আৰু উপসৰ্গহীন আক্ৰান্তৰ মাজত পাৰ্থক্য নিৰ্ণয় হোৱাটো অধিক প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে  এই ক্ষেত্ৰত এগৰাকী উদ্বিগ্ন স্বাস্থ্য বিষয়াই কয় তলাবন্ধ প্ৰত্যাহাৰ হ’লে মানুহে বিধি নিষিদ্ধ নামানিব ৷ ফলত সমুহীয়া সংক্ৰমণৰ আশংকা প্ৰবল হৈ উঠিব ৷ গতিকে ১৩০ কোটি দেশত এক শতাংশ মানুহৰ পৰীক্ষা  কৰিব গ’লে কমেও ১.৩৫ কোটিৰ পৰীক্ষা হ’ব লাগিছিল। আজি পৰ্যন্ত দেশত মাত্ৰ ৫.৫০ লক্ষাধিক লোককহে পৰীক্ষা কৰা হৈছে। অৰ্থাৎ প্ৰতি ১০ লক্ষ নাগৰিকৰ বিপৰীতে দুই শতাধিকৰ পৰীক্ষা কৰা হৈছে । এই হাৰ যে অতিকৈ কম সেয়া স্পষ্ট হৈ পৰিছে ৷ সেয়েহে বিশেষজ্ঞসকলে কৈছে যে লক্ষণৰ ওপৰত ভৰষা নকৰি নিৰ্বিচাৰে পৰীক্ষা কৰিলে সংক্ৰমণৰ মাত্ৰা বোধগম্য হ’ব ৷ এই পদ্ধতি মানি চলিয়েই দক্ষিণ কোৰিয়াই সফলতা লাভ কৰিছে। অৱশ্যে ভাৰতৰ হাতত পৰীক্ষা কৰা সঁজুলিৰ সংখ্যাও সীমিত । সেয়েহে আৰম্ভণিৰে পৰা জোখ মাখ কৰি খোজ দিছে ভাৰত চৰকাৰে ৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে এই যুক্তি মানিবলৈ নাৰাজ ৷তেওঁৰ দাবী অনুসৰি সংক্ৰমিতৰ সংখ্যা আৰু পৰীক্ষাৰ কথা তুলনা কৰিলে এই দাবী নাখাটে । সংক্ৰমণ যদি দেশত বিয়পি পৰিলহেঁতেন তেন্তে অধিক সংখ্যক প’জিটিভ ৰোগী চিনাক্ত হ’লহেঁতেন আৰু এনে হোৱা নাই ৷

 

Exit mobile version