সৰুপেটাৰ এজন চি আৰ পি এফ জোৱানৰ দিল্লীত কৰ্মৰত অৱস্থাত কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু হোৱাত সমগ্ৰ অঞ্চল জুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰবৰী গাঁৱৰ ৫৫ বয়সীয়া ইক্ৰাম হুছেইন ১ নং বেটেলিয়নৰ ছাব ইনস্পেক্টৰৰূপে কৰ্মৰত আছিল।দিল্লীৰ ছফদৰজং চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
এই সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত হোৱাত পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে। পবিত্ৰ ৰমজানৰ দিনতে এনে এক অপ্ৰত্যাশিত ঘটনাত পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
যোৱা ১৬ এপ্ৰিলত হুছেইন তিহাৰ জেলত কৰ্তব্যৰত অৱস্থাত জ্বৰ কাহত আক্ৰান্ত হোৱাৰ লগে লগে হোম কোৱাৰেন্টাইনত ৰাখি কৰ’নাৰ প্ৰাথমিক পৰীক্ষা কৰা হয়। ইয়াৰ পিছত ২৬ এপ্ৰিলত সেনা গৰাকীৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হুছেইনৰ পৰিয়ালৰ সতে ফোনৰে মতবিনিময় কৰি হুছেইনৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো চিন্তা নকৰিবলৈ আহ্বান জনায়। কিন্তু সোমবাৰে হুছেইনৰ শৰীৰ অত্যাধিক অসুস্থ হৈ পৰে।
আজি দিল্লীৰ ছফদ্দৰগঞ্জ চিকিৎসালয়ত আই চি ইউত থকা অৱস্থাতে ইক্ৰাম হুছেইনৰ মৃত্যু হয়। আনহাতে ইক্ৰাম হুছেইনৰ অন্ত্যোষ্টিক্ৰিয়া দিল্লীতে চিকিৎসা বিভাগৰ নিয়ম অনুযায়ী কৰা হ’ব বুলি দিল্লীতে কৰ্মৰত খাইৰুল হুছেইনে জানিবলৈ দিছে ৷ মৃত ইক্ৰাম হুছেইনে পত্নী আৰু দুজন পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ৷
ADVERTISEMENT