অনবদ্য অভিনয়েৰে অনুৰাগীৰ হৃদয়জিনা  জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

8880689041

অনবদ্য অভিনয়েৰে চলচ্চিত্ৰ প্ৰেমীসকলৰ মনত চৰিত্ৰ তথা সংলাপ নিক্ষেপৰ দক্ষতাৰে অনুৰাগীৰ মনত  সাঁজ বহুৱাবলৈ সক্ষম হোৱা বলীউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত মৃত্যু হয় । ৫৪ বছৰীয়া ইৰফান খান মংগলবাৰে পুৱা নিজ গৃহত বাথৰুমত পিছলি পৰিছিল। ইয়াৰ পিছত অভিনেতাজনৰ পৰিয়ালবৰ্গই তেওঁক মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ত ভৰ্ত্তি কৰায়। ইফালে বিগত শনিবাৰে ৯৫ বছৰ বয়সত নিজ মাতৃকো হেৰুৱাইছিল অভিনেতা ইৰফান খানে ৷ কিন্তু নিজৰ স্বাস্থ্যৰ অৱনতি ঘটাত জয়পুৰত মৃত্যু হোৱা মাতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল’ব নোৱাৰিলে ইৰফান খানে। আনহাতে ইৰফান খান দীৰ্ঘদিন ধৰি ন্যূৰোইণ্ডোক্ৰাইন টিউমাৰত আক্ৰান্ত হৈছিল ৷

২০১৮ৰ মাৰ্চ মাহত নিজৰ অসুখৰ কথা জানিব পাৰিছিল অভিনেতাজনে ৷ ইয়াৰ পিছত লণ্ডনত চিকিৎসা আৰম্ভ কৰে ইৰফান খানে। লণ্ডনত চিকিৎসা কৰি অলপ সুস্থ হোৱাৰ পিছত ২০১৯ৰ এপ্ৰিলত ভাৰতলৈ আহে অভিনেতাজন ৷ ভাৰতলৈ অহাৰ পিছতেই অলপতে মুক্তি লাভ কৰা অংগ্ৰেজী মিডিয়াম ছবিৰ তেওঁ দৃশ্যগ্ৰহণ আৰম্ভ কৰে । ১৯৬৭ ৰ ৭ জানুৱাৰীত জন্ম লাভ কৰা ইৰফান খানৰ প্ৰকৃত নাম চাহেবজাদে ইৰফান আলি খান ৷ সৰুৰে পৰা ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা ইৰফান কিন্তু ভাগ্যক্ৰমে অভিনয় জগতত খোজ দিয়ে । কিন্তু পিতৃৰ ইচ্ছা আছিল ইৰফান এজন সফল ব্যৱসায়ী হওক । অৱশ্যে ইৰফান খানে নেশ্যনেল স্কুল অৱ ড্ৰামাত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে আৰু তাতেই অভিনয়ৰ যাত্ৰা আৰম্ভ হয় । বলীউডত ইৰফান খানক চিৰসেউজ অভিনেতা হিচাপে ধৰিব পাৰি ৷ কাৰণ ইৰফান খানৰ অভিনয় দক্ষতা, সংলাপ আদিয়ে যিকোনো এখন ছবিক  সজীৱ কৰি তোলে ।

তেওঁ অভিনয় কৰা মকবুল,পিকু,পান সিং তোমৰ আদি ছবিত ইৰফান খানৰ অভিনয় অনুৰাগীসকলে নিশ্চয়কৈ পাহৰিব নোৱাৰে। ইয়াৰ উপৰিও লাইফ ইন এ মেট্ৰ’, দ্য লান্স বক্স, তলৱাৰ, হিন্দী মিডিয়াম আদি ছবিত অভিনয় কৰে ৷লগতে ইৰফান খানে হাচিল”( নিগেটিভ ৰ’ল), লাইফ ইন এ মেট্ৰ’ত (শ্ৰেষ্ঠ অভিনেতা), পান সিং তোমৰত বেষ্ট (এক্টৰ ক্ৰিটিকছ) আৰু হিন্দী মিডিয়ামৰ কাৰণে (বেষ্ট এক্টৰ) আদি ছবিৰ কাৰণে বলীউডৰ জনপ্ৰিয় ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰে । পান সিং তোমৰৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰো দিয়া হৈছিল অভিনেতাজনক ৷ লগতে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল বলীউডৰ চিৰ সেউজ অভিনেতাজন ৷

আনহাতে ইৰফান খানৰ মৃত্যুৰ খবৰে দেশবাসীৰ লগতে বলীউডতো শোকৰ ছাঁ পেলাইছে। বিগ বি অভিতাভ বচ্চনে টুইটাৰ যোগে কয় যে অতি মৰ্মান্তিক খবৰ। জাভেদ আখটাৰে টুইটাৰ যোগে শোক ব্যক্ত কৰে ৷ লগতে কয় “ইৰফানক শেষবাৰৰ কাৰণে লণ্ডনত লগ পাইছিলো । বহুত কথা পাতিছিলো । তেওঁৰ অভিনয়ত যাদু আছে। অসুস্থতাৰ সময়তো কাম কৰাৰ অদম্য হেপাঁহ আছিল তেওঁৰ ৷”

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেৰেকাৰে। ‘ইৰফান খান এজন বহুমুখী প্ৰতিভাধৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ বাতৰিত শোকাহত হৈছো আৰু পৰিয়াল, বন্ধু, অনুৰাগীসকলক সমবেদনা জনাইছো।’

Exit mobile version