কোৱাৰেন্টাইন কেন্দ্ৰত ৰমজানৰ ৰোজাৰ সুবিধা,কোৰানসহ উপহাৰ প্ৰদান 

RAMDAN
তলাবন্ধৰ মাজতে যোৱা ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছেে ইছলাম  ধৰ্মালম্বীসকলৰ পবিত্ৰ ৰমজান ৷ ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ ৰোজা ৰখাটো ইছলাম ধৰ্মাৱলম্বীসকলৰ পৰম্পৰা ৷তাৰ বাবে তলাবন্ধৰ মাজতো বিশ্বশান্তি কামনাৰে ৰাজ্যৰ ইছলাম ধৰ্মালম্বী লোকসকলে ৰাখিছে ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ ৰোজা ৷এই ক্ষেত্ৰত ব্যক্তিক্ৰম নহয়,কৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত থকা ইছলাম ধৰ্মৰ লোকসকল। কাৰণ তেওঁলোকে কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থাকিয়েই ৰাখিছে ৰমজানৰ ৰোজা।
ইয়াৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত দৈনিক অগ্ৰদূতৰ আগত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সৰুসজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰৰ তত্ত্বাৱধায়ক মুনীন বৰদলৈয়ে কয় যে যিসকল ইছলাম ধৰ্মৰ লোক কোৱাৰেন্টাইন কেন্দ্ৰত আছে তেওঁলোকৰ কাৰণে ৰোজা ৰখাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাৰণ পবিত্ৰ ৰমজানৰ ৰোজা ৰখা ইছলাম ধৰ্মালম্বী লোকসকলে দিনৰ দিনটো উপবাসে থাকে। নিৰ্ধাৰিত সময়ত ৰোজা ৰখা ব্যক্তিসকলে ২৪ ঘন্টাত মাত্ৰ দুবাৰ খাদ্য গ্ৰহণ কৰে ৷
ইয়াৰ বাবে ৰমজানৰ প্ৰথম দিনাৰ পৰাই ইফটাৰ আৰু চেহেৰীৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিচৰা ধৰণে খাদ্য সম্ভাৰৰ যোগান ধৰা হৈছে ৷ ইয়াৰ কাৰণে কোৱাৰিন্টাইনত থকা লোকসকলৰ লগত আলোচনা কৰি প্ৰতিদিনে বিয়লি আপেল,আঙুৰ,কল,খেজুৰ,কিচমিচ,ঘুগুনি,ৰুটি,গাখীৰ,ফলৰ ৰস পানী আদি যোগান ধৰা হৈছে। একেদৰে চেহেৰীৰ কাৰণে ভাত ৰুটিৰ ব্যৱস্থা কৰা হৈছে ।যিসকল লোকে ৰমজানৰ ৰোজা ৰাখিব নোৱাৰে তেওঁলোকৰ কাৰণেও অন্যান্যসকলৰ লগতে খাদ্যৰ যোগান ধৰা হ’ব।
অৱশ্যে কোৱাৰেন্টাইন কেন্দ্ৰত থকা ইছলাম ধৰ্মালম্বী লোকসকলে বিচৰাধৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা ১০ খন কোৰান শ্বৰীফ উপহাৰ হিছাপে আগবঢ়োৱা হয়। লগতে সংশ্লিষ্ট লোকসকলক লুঙী,চেভিং ক্ৰীম,টুথ ব্ৰাছ,চাবোন,ছেভিং ব্লেডকে ধৰি অন্যান্য সা সামগ্ৰীৰো যোগান ধৰা হৈছে ।সৰু সজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত ৫৮ জন ইছলাম লোক আছে। ইয়াৰে ১৩ জনক যাবলৈ অনুমতি দিয়া হয়। একে ধৰণৰ মন্তব্য কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই। ডেকাই কয় যে পবিত্ৰ ৰমজানৰ ৰোজা ৰখা সকলৰ কাৰণে সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে ।গোৱালপাৰাৰ লগতে ধুবুৰী,হালাকুৰাস্থিত কোৱাৰেন্টাইনৰ লোকসকলৰ কাৰণেও প্ৰয়োজনীয় ফলমূলকে আদি কৰি অন্যান্য খাদ্য সম্ভাৰৰ যোগান ধৰা হৈছে ৷
Exit mobile version