কৰ’নাৰ আতংকৰ মাজতে স্বস্তিৰ খবৰ আহিল পৃথিৱীবাসীলৈ 

earth
সমগ্ৰ বিশ্বই কৰ’না ভাইৰাছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈ থকা অৱস্থাতে এক ভয়ানক আশংকাই সকলোকে অধিক আতংকিত কৰি তুলিছিল ।কিছু দিন পূৰ্বে একাংশ বিজ্ঞানীয়ে দেখা পাইছিল যে সুমেৰুৰ ওপৰ অংশৰ বায়ুমণ্ডলৰ অ’জন স্তৰত প্ৰায় এক নিযুত বৰ্গ কিলোমিটাৰ প্ৰশস্ত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ।চলিত মাহ আৰম্ভণি তেই ইউৰোপীয়ান স্পেচ এজেন্সী(ই এছ এ)এদল বিজ্ঞানীয়ে এই কথা জনাইছিল।
সেই ছিদ্ৰই পৃথিৱীৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব বুলিয়েই বিজ্ঞানীসকলে দাবী কৰিছিল।কিয়নো বৰ্তমানৰ মাত্ৰাধিক প্ৰদূষণৰ ফলত স্বাভাৱিকতেই পাতল হৈ আহি আছে অ’জন স্তৰ।তাৰ ওপৰতে এই বিয়াগোম গাঁতৰ সৃষ্টি হোৱাত সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি  বাধাহীন ভাৱেই ভূ-পৃষ্ঠত পোনপটীয়াকৈ পৰিব ।উল্লেখ্য যে সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মি ভূ-পৃষ্ঠত পৰাত বাধাৰ সৃষ্টি কৰে অ’জন স্তৰে ।বিজ্ঞানীসকলৰ মতে ,উত্তৰ মেৰুত কম তাপমানৰ বাবে এই গাঁতৰ পৰা ক্ষতিৰ আশংকা কম ।কিন্তু কেনেবাকৈ যদি বায়ুৰ গতিবেগৰ সহায়ত সেই গাঁত দক্ষিণৰ ফালে গুচি আহে,তেন্তে ই মানৱ জাতিৰ বাবে অভিশাপ হৈ পৰিব।
কিন্ত বিজ্ঞানীসকলৰ এই আশংকাকে অমূলক বুলি প্ৰমাণ কৰিলে স্বয়ং প্ৰকৃতিয়ে ।অত্যাধিক উচ্চতাৰ বাবে বতাহে মেৰু অঞ্চললৈ শীতল বায়ু কঢ়িয়াই আনে ।বিজ্ঞানীসকলে বাখ্যা কৰিছে যে এই বছৰ মেৰু ঘূৰ্ণি আছিল অত্যন্ত শক্তিশালী ।যাৰ অভ্যন্তৰৰ তাপমাত্ৰা অত্যন্ত ঠাণ্ডা ।ইয়াৰ ফলত ষ্টেট’স্ফেৰিক মেঘে চি এফ চি গেছসমূহৰ স’তে প্ৰতিক্ৰিয়া ঘটাই অ’জন স্তৰৰ ক্ষতি কৰিছিল ।
কিন্ত এতিয়া সেই মেৰু ঘূৰ্ণি দুৰ্বল হৈ পৰিছে ।যাৰ ফলত মেৰু অঞ্চলৰ অ’জন স্তৰলৈ পুনৰ স্বাভাৱিকতা ঘূৰি আহে ।অৰ্থাৎ সৃষ্টি হোৱা গাঁতটোও বন্ধ হৈ পৰে ।বিজ্ঞানীসকলে ধাৰণা কৰিছে যে হয়তো পৰৱৰ্তী সময়ত মেৰু ঘূৰ্ণিয়ে অ’জন স্তৰত বিশেষ প্ৰভাৱ নেপেলাব ।প্ৰকৃতিয়ে যে নিজৰ ৰোগ নিজে নিৰ্মূল কৰিব পাৰে ,তাৰেই আকৌ এবাৰ প্ৰমাণ দি স্বয়ংক্ৰিয়ভাৱেই বন্ধ হৈ পৰিল অ’জন স্তৰৰ সেই বিশাল ছিদ্ৰ।প্ৰকৃতিয়েই বিশ্ববাসীৰ এই আতংক নিৰ্মূল কৰিলে ।
Exit mobile version