তলাবন্ধৰ ফলত সংকটত কামাখ্যাৰ পাঁচশ পৰিয়াল

kamakhya 1
অপ্ৰতিৰোধ্য ক’ভিড-১৯ বীজাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৪ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে বলবত কৰা তলাবন্ধই ৰাজ্যৰ খাটিখোৱা জনতাক কোঙা কৰিছে। তলাবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱত থলুৱা কৃষকসকলকে ধৰি বেপাৰ-বাণিজ্য কৰি, গাড়ী- ৰিক্সা চলাই নাইবা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ পৰিয়াল পোহপাল দি অহা সকলোৱেই আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে। অৱশ্যে এই সময়ছোৱাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সাধাৰণ জনতাক সকাহ দিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে আৰ্থিক সাহায্য আগবঢ়াইছে।
উল্লেখ্য যে এইসকল লোকৰ উপৰি ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ লগত জড়িত হৈ পৰিয়াল পোহ-পাল দি অহা লোকসকলো ক্ষতিগ্ৰস্ত হৈছে এই ধাৰাবাহিক তলাবন্ধৰ ফলত। কেৱল পৰ্যটক তথা দৰ্শনাৰ্থীৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰা এই লোকসকলৰ একমাত্ৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দিন অতিবাহিত কৰিবলৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰাজ্যৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহ যেনে কামাখ্যা দেৱালয়, উগ্ৰতাৰা দেৱালয়, উমানন্দ, চিৰিয়াখানা , কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য, শিৱসাগৰৰ পৰ্যটনস্থলী ক’ভিড-১৯ ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইয়াৰ লগত জড়িত হেজাৰ হেজাৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। আৰ্থিকভাৱে জুৰুলা হৈ পৰা এইসকল লোকে অনাগত দিনসমূহত কি কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে।
গুৱাহাটীৰ নীলাচলৰ বুকুত অৱস্থিত দেশৰ ভিতৰতে অন্যতম শক্তিপীঠ তথা ১২ মাহেই পৰ্যটকৰ কেন্দ্ৰবিন্দু কামাখ্যা মন্দিৰত এতিয়া নিতাল নিস্তব্ধতা। তলাবন্ধৰ পৰিপ্ৰেক্ষিতত তথা কৰ’নাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে দৰ্শনাৰ্থীৰ বাবে কামাখ্যা ধাম বন্ধ হৈ পৰাৰ ফলত মন্দিৰটোৱেই একমাত্ৰ উপাৰ্জনস্থলী হিচাপে লৈ জীৱন নির্বাহ কৰা প্ৰায় পাঁচশ পৰিয়াললৈ এক প্ৰত্যাহ্বান নামি আহিছে।
ইপিনে, ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়তো একে পৰিৱেশ। ৰাজ্যৰ অন্যান্য মঠ-মন্দিৰৰ দৰে উগ্ৰতাৰা দেৱালয়ৰো পূজা-অৰ্চনা, নাম – প্ৰসংগ কৰা ব্ৰাহ্মণ, পুৰোহিত তথা ভকত-বৈষ্ণৱৰ লগতে ৰান্ধনি, সহায়ক, ফল-মূলৰ দোকানীসকলৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে। বিশেষকৈ দেৱালয়ত থকা কপিকুললৈও এই তলাবন্ধই অশনি সংকেত কঢ়িয়াই আনিছে। দেৱালয়খনত থকা প্ৰায় তিনিশ ৰাজহাঁহৰ  লগতে পুখুৰীত থকা মাছ, কাছ আৰু অগণিত পাৰ চৰাইসমূহে খাদ্যসংকটৰ সন্মুখীন হৈছে । দেৱালয়খনত থকা প্ৰায় তিনিশ ৰাজহাঁহৰ বাবে খাদ্য যোগান ধৰি কৃপা কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে কৰ্তৃপক্ষই। উল্লেখ্য যে কালি দেৱালয় খনৰ চৌহদত থকা ৰজাদিনীয়া যোৰ পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত এটা মৃত কাছ উদ্ধাৰ হয়। বিশেষজ্ঞই কাছটো খাদ্যৰ অভাৱৰ লগতে বয়সৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে।
Exit mobile version