তলাবন্ধৰ সময়চোৱাত দেশজুৰি সাৰ বিক্ৰীৰ অভিলেখ 

hero agri fertilizers

দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ সময়চোৱাত  সাৰ বিক্ৰীয়ে অভিলেখ ৰচনা কৰাৰ কথা  সদৰী কৰিছে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ মন্ত্ৰণালয়ৰ সাৰ বিভাগে। বিভাগটোৱে দাঙি ধৰা তথ্য অনুসৰি, যোৱা এক এপ্ৰিলৰ পৰা ২২এপ্ৰিলৰ ভিতৰত  ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক বিক্ৰী কৰা সাৰৰ পৰিমাণ হ’ল ১০.৬৩ লাখ মেট্ৰিক টন। ইয়াৰ পৰিমাণ যোৱাটো বছৰৰ এই  সময়তচোৱাত  ৮.৩২ লাখ মেট্ৰিক টন সাৰৰ হিচাপত বৰ্তমান ৩২ শতাংশ অধিক ।

সেইদৰে, যোৱা এক এপ্ৰিলৰ পৰা ২২এপ্ৰিলৰ মাজৰ দিনকেইটাত সাৰৰ বিক্ৰেতাসকলে ক্ৰয় কৰা সাৰৰ পৰিমাণ হ’ল ১৫.৭৭লাখ মেট্ৰিক টন। এই পৰিমাণ যোৱাটো বছৰৰ এই সময়ত ১০.৭৯লাখ মেট্ৰিক টন সাৰৰ হিচাপত বৰ্তমান ৪৬শতাংশ অধিক। উল্লেখ্য যে ‘তলাবন্ধ’ৰ সময়চোৱাত দেশত প্ৰযোজ্য হোৱা বিভিন্ন বাধা-নিষেধ স্বত্বেও সাৰ বিভাগ, ৰে’ল বিভাগ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন বন্দৰসমূহৰ সমন্বিত প্ৰয়াসৰ ফলত বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে এইখিনি সময়ত দেশত সাৰৰ উৎপাদন আৰু যোগান অব্যাহত আছে । সেইমৰ্মে যোৱা ১৭ এপ্ৰিলত ৪১ ‘ৰেক’ সাৰ উৎপাদন প্ৰকল্পৰ পৰা বন্দৰলৈ প্ৰেৰণ কৰা হৈছিল। ‘তলাবন্ধ’ৰ সময়চোৱাত এটা দিনত হোৱা সাৰৰ এয়াই আছিল আটাইতকৈ বৃহৎ স্থানান্তৰণ। উল্লেখ্য যে, এটা ‘ৰেক’ত এবাৰত ৩০০০মেট্ৰিক টন পৰিমাণৰ সাৰ কঢ়িয়াব পাৰি। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে  ‘তলাবন্ধৰ’ সময়চোৱাত দেশৰ কৃষিখণ্ডত যাতে সমস্যাৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন’ৰ অধীনত সাৰ প্ৰকল্পসমূহৰ কাম-কাজ অব্যাহত ৰখাৰ অনুমতি প্ৰদান কৰিছিল।

Exit mobile version